ভাৰতীয় সমাজ ব্যৱস্থাত বিবাহ এক পৰম্পৰা৷ এই মাংগলিক অনুষ্ঠানটোৰ দ্বাৰা, বিধি ব্যৱস্থা মতে ভাৰতীয় পুৰুষ আৰু মহিলাসকলে বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক জীৱন আৰম্ভ কৰে৷ এই পৰম্পৰা তথা নিয়ম যুগ যুগ ধৰি চলি আহিছে৷ আচলতে মানৱ জীৱনত বিবাহ এক এৰাব নোৱৰা পৰিঘটনা৷ ভাৰতত বিবাহ এক উৎসৱৰ দৰে৷ ভাৰতীয় সমাজত পৰিয়ালৰ লগতে মিতিৰ-কুটুম্ব, আত্মীয় স্বজনৰ উপস্থিতিত ধুমধামেৰে বিবাহ কাৰ্য সম্পন্ন হয়৷ আজিকালি এই বিবাহ অনুষ্ঠানবোৰত হোৱা ব্যয়ৰ কথা শুনিলে আপুনি আচৰিত নহৈ নোৱাৰিব৷ ভাৰতৰ বিবাহবোৰৰ নামত বছৰি কোটি কেটি টকা ব্যয় হয়৷ যিটো এজন সাধাৰণ নাগৰিকৰ বাবে সাঁথৰৰ লেখীয়া৷ শেহতীয়াভাৱে নিউয়ৰ্ক টাইমছে কনফেডাৰেশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ (টেইট) উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে৷ কেইটে দিয়া তথ্য অনুসৰি যোৱা বছৰ নৱেম্বৰ-ডিচেম্বৰত ভাৰতত প্ৰায় ৩২ লাখ বিবাহ সম্পন্ন হয়৷ এই বিবাহসমূহৰ ব্যয় হয় প্ৰায় ৩.৭৫ লাখ কোটি টকা৷ আন কথাত ৬০ দিনত হোৱা ৩২ লাখ বিবাহ অনুষ্ঠানত ব্যয় কৰা হয় ৩.৭৫ লাখ কোটি টকা৷ সেই হিচাপত গড় হিচাপে প্ৰতিদিনে হোৱা ব্যয়ৰ পৰিমাণ হ’ব প্ৰায় ৬২৫০ কোটি টকা৷ উল্লেখ্য যে ক’ভিড মহামাৰীৰ কাৰণে যোৱা দুটা বছৰ বিবাহ কাৰ্যবোৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছিল৷ কিন্তু ক’ভিডৰ অন্ত পৰাৰ লগে লগে যোৱা বছৰ বিবাহৰ আড়ম্বৰতা পুনৰ উভতি আহে৷ কেইটে দিয়া তথ্য মতে যোৱা বছৰৰ অন্তিম দুটা মাহত হোৱা বিবাহবোৰৰ অধিকাংশতে তিনি লাখৰ পৰা এক কোটি টকা ব্যয় কৰা হৈছিল৷