আপুনি জানেনে?স্মাৰ্টফোনৰো এক্সপায়াৰি ডেট থাকে

0
263

বজাৰৰ পৰা আমি যিবোৰ বস্তু ক্ৰয় কৰোঁ, সেই সকলো বস্তুৰে একেটা নিৰ্দিষ্ট ম্যাদ বা এক্সপায়াৰি ডেট থাকে৷ সেয়া লাগিলে খাদ্য সমাগ্ৰীৰ ক্ষেত্ৰতে হওক, বা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰতে হওক৷ অৰ্থাৎ এটা নিৰ্দিষ্ট তাৰিখ বা সময়ৰ পৰা সেই সামগ্ৰীবিধ বা বস্তুবিধ খোৱা বা ব্যৱহাৰ কৰা উচিত নহয়৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা মোবাইলটোৰ ব্যৱহাৰৰো এটা নিৰ্দিষ্ট সময় থাকে৷ আমি হয়তো কেতিয়াও নাভাৱো যে স্মাৰ্টফোনটোৰো ম্যাদৰ এটা নিৰ্দিষ্ট সীমা আছে৷ স্মাৰ্টফোন বৰ্তমান আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংশ হৈ পৰিছে৷ আজিকালি ইয়াক অকল ফোন কৰাৰ বাবেই ব্যৱহাৰ কৰা নহয়, ফটোৰ পৰা আৰম্ভ কৰি অনলাইনত বিভিন্ন বস্তু অৰ্ডাৰ দিয়াকে ধৰি ইঠাইৰ পৰা সিঠাইলে যাবলৈ, টকাৰ লেনদেন, চিকিৎসা ব্যৱস্থা আদি সকলো ক্ষেত্ৰতে ইয়াৰ ব্যৱহাৰ সৰ্বত্ৰ৷ স্মাৰ্টফোন হৈছে এটা ইলেকট্ৰনিক ডিভাইচ৷ স্মাৰ্টফোনৰ বেটাৰীত বিভিন্ন কেমিকেল ইন্সট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয়, যি এটা সময়ৰ পাছত শেষ হৈ যায়৷ আনহাতে স্মাৰ্টফোনৰ ক্ষেত্ৰত নিৰ্দিষ্ট কোনো ম্যাদ নাথাকে৷ ইয়াৰ প্ৰয়োজন মতে বেটাৰী বা অন্যান্য পাৰ্টছ পৰিৱৰ্তন কৰিব লাগে৷ যিসকল ভাল ব্ৰেণ্ডৰ স্মাৰ্টফোন ব্যৱহাৰ কৰে, তেওঁলোকে কোনো ৰিপ্লেছমেণ্ট অবিহনে বহু বছৰ ধৰি নিৰ্দ্বিধাই নিজৰ স্মাৰ্টফোনটো ব্যৱহাৰ কৰিব পাৰে৷ এইধৰণৰ স্মাৰ্টফোনত যি চিপ বা ইন্সট্ৰুমেণ্ট
 ব্যৱহাৰ কৰা হয়, সেইবোৰ বছৰ বছৰ ধৰি কাৰ্যক্ষম হৈ থাকে৷ কিন্তু বৰ্তমান স্মাৰ্টফোন নিৰ্মাতা কোম্পানীবোৰে ২-৩ বছৰৰ পাছত স্মাৰ্টফোনৰ ছফটৱেৰ আপডেট কৰা বন্ধ কৰি দিছে৷ ইয়াৰ ফলত পুৰণি স্মাৰ্টফোন ব্যৱহাৰযোগ্য হৈ নাথাকিব৷ প্ৰায়ভাগ কোম্পানীয়ে দুইৰ পৰা তিনি বছৰ পাছত এই নিৰ্দিষ্ট মডেলৰ এছেচৰিজ তৈয়াৰ কৰা বন্ধ কৰিছে৷ যাৰ ফলত সেই ফোনৰ সামগ্ৰী পোৱা নাযায় আৰু ফোনটো বন্ধ কৰিবলৈ বাধ্য হ’ব লাগিব৷ আনহাতে আপোনাৰ স্মাৰ্টফোনটো কেতিয়া পৰিৱৰ্তন কৰা উচিত৷ আচলতে স্মাৰ্টফোন কেতিয়া সলনি কৰিব সেইটো নিৰ্ভৰ কৰে ব্যৱহাৰকাৰীজনৰ ওপৰত৷ বহুতেই নিজৰ ৰুচিবোধ বা ইচ্ছা পূৰণৰ বাবে বজাৰলৈ অহা নতুন মডেলৰ স্মাৰ্টফোন ক্ৰয় কৰে৷ ইয়াৰ কিন্তু কোনো ফলাফল নাই, মাত্ৰ চখ পূৰণৰ বাবেহে এনে কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here