বিজ্ঞানীৰ প্ৰস্তুতিমঙলত থাকিব এবছৰ !

0
291


মঙল গ্ৰহত থকাটো শুনিবলৈ আচৰিত নহয়নে৷ তাতো এদিন দুদিন নহয় সম্পূৰ্ণ এবছৰ থাকিব মঙলত৷ এই বাতৰিয়ে সকলোকে স্তম্ভিত কৰিছে৷ হয়, কথাটো শুনিবলৈ আচৰিত যেন লাগিলেও এক অনুশীলন বুলি ক’ব লাগিব৷ খবৰ মতে হিউষ্টনত মঙলৰ আৰ্হিত গঢ়ি তোলা এক স্থানত মহাকাশচাৰী কেলীসহ পাঁচজন লোকে সম্পূৰ্ণ এবছৰ অনুশীলন চলাব৷ উল্লেখ্য যে মঙল গ্ৰহত চলাবলগীয়া অভিযানৰ কানাডাৰ কেলী হাষ্টনসহ পাঁচ মহাকাশচাৰীয়ে অংশগ্ৰহণ কৰিব৷ তাৰে আগতীয়া অনুশীলন হিচাপে হিউষ্টন এটা ‘ঘৰ’ নিৰ্মাণ কৰি এই ব্যৱস্থা গ্ৰহণ কৰিছে৷ জুনৰ শেষৰফালে কেলীসহ আটাইকেইগৰাকী টেক্সাছৰ হিউষ্টনৰ এক নিৰাপদ স্থানত ৰখা হ’ব৷ এই স্থানৰ পৰিৱেশ আৰু জলবায়ুও মঙল গ্ৰহৰ দৰে কৰা হৈছে৷ আগন্তুক এটা বছৰ কেলীসহ এই পাঁচজনৰ স্থান হ’ব বিশেষভাৱে নিৰ্মাণ কৰা এই গৃহটো৷ উল্লেখ্য যে শৈশৱত কোনোদিনে মঙললৈ যোৱাৰ স্বপ্ন নাছিল কেলীৰ৷ কিন্তু দীৰ্ঘদিন মঙলত থকাৰ প্ৰস্তুতি চলাবলৈ এইগৰে দীঘলীয়া অনুশীলন চলাবলৈ সন্মত হৈছে তেওঁ৷ মহাকাশ সংস্থা নাছাই সদৰী কৰা মতে মঙল গ্ৰহৰ পৰিৱেশৰ আৰ্হিৰে তৈয়াৰ কৰা এই বিশেষ ঘৰটোত দীৰ্ঘম্যাদী কেইবাটাও পৰীক্ষাৰ অংশই ভৱিষ্যতে বাস্তৱৰ মঙল অভিযানত সহায়ক হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here