মহাকাশত জীৱৰ বাবে অনুকূলদুটা গ্ৰহৰ সন্ধান লাভ

0
480


আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ টেছ মহাকাশযানে আমাৰ সৌৰজগতৰ বাহিৰত দুটা নতুন গ্ৰহ আৱিষ্কাৰ কৰিছে৷ এই গ্ৰহ দুটা জীৱৰ বাবে অনুকূল বুলি কোৱা হৈছে৷ এই গ্ৰহ দুটাই এটা বামন নক্ষত্ৰক পৰিভ্ৰমণ কৰি আছে৷ গ্ৰহ দুটাই নক্ষত্ৰটোৰ পৰা এনেকুৱা দূৰত্বত আছে, যিটোৱে জীৱৰ অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে৷ এই গ্ৰহ দুটাৰ আকাৰ আমাৰ পৃথিৱীতকৈ অলপ ডাঙৰ বুলি কোৱা হৈছে৷ নাছাৰ টেছ মহাকাশযানে সৌৰজগতৰ পৰা ১৩৭ আলোকবৰ্ষ দূৰৈত এটা ৰঙা বামন নক্ষত্ৰ টি অ’ আই ২০৯৫ক নিৰীক্ষণ কৰোঁতে এক আ(ৰ্যকৰ দৃশ্য দেখিবলৈ পায়৷ টেচ মহাকাশযানখনে উজ্জ্বলতা কম-বেছি হোৱাৰ ভিত্তিত নক্ষত্ৰ দুটা আৱিষ্কাৰ কৰে৷ আৱিষ্কৃত উক্ত গ্ৰহ দুটা এনেকুৱা স্থানত আছে যে সিহঁতৰ বায়ুমণ্ডল অক্ষত অৱস্থাত আছে৷ এই গ্ৰহ দুটাত পানী থকাৰ সম্ভাৱনা থকাৰ কথাও উল্লেখ কৰা হৈছে৷ পানী থকা মানেই জীৱ থকাৰ সম্ভাৱনা থাকে৷ এই গ্ৰহ দুটাত ভৱিষ্যতে মানৱ বসতিস্থল স্থাপনৰো সম্ভাৱনা নথকা নহয়৷ নতুনকৈ আৱিষ্কৃত এই গ্ৰহ দুটাৰ নাম দিয়া হৈছে টি অ’ আই ২০৯৫ বি আৰু টি অ’ আই ২০৯৫ চি৷ অ’ আই ২০৯৫ বি গ্ৰহটোৰ অ’ আই ২০৯৫ নক্ষত্ৰটোৰ পৰা দূৰত্ব পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্বৰ এক দশমাংশ৷ কিন্তু নক্ষত্ৰটো যিহেতু সূৰ্যতকৈ ঠাণ্ডা, সেয়েহে তাত জীৱ থাকিব পাৰে বুলি অনুমান কৰা হৈছে৷ আনহাতে টি অ’ আই ২০৯৫ চি গ্ৰহটো নক্ষত্ৰটোৰ একেবাৰে ওচৰতে আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here