ইজৰাইলৰ পুৰাতত্ত্ববিদসকলে জেৰুজালেমত কৰা খননৰ সময়ত শিলত খোদিত কৰা প্ৰায় ২ হাজাৰ পুৰণি এখন ৰচিদ উদ্ধাৰ কৰিছে৷ এটুকুৰা চক্মাটিৰ শিলাত এই ৰছিদখন খোদিত কৰা আছে৷ ইয়াত ব্যৱসায়ৰ সৈতে জড়িত কথা লিখা আছে৷ ইজৰাইলৰ এণ্টিকিটিজ অথৰিটী চমুকৈ আই এ এ-এ এই কথা প্ৰকাশ কৰিছে৷ আই এ এৰ মন্ত্ৰী ৰব্বী অমিচাই এলিয়াহুৱে কয় যে ২ হাজাৰ বছৰ পুৰণি শিলত খোদিত ৰচিদখনৰ পৰা চহৰখনত ইহুদী সম্প্ৰদায়ৰ লোকসকল কেনেকৈ আছিল, কেনেদৰে ব্যৱসায় কৰিছিল সেই কথা জানিব পাৰি৷ এই শিলালিপি উদ্ধাৰ কৰা হয় জেৰুজালেম ৱাল্ছ নেশ্যনেল পাৰ্কলৈ যোৱা মুখ্য পথত এই সুৰংগটো আছে৷ এই পথটো কেইবাশতিকা পুৰণি বুলি কোৱা হয়৷ আই এ এৰ মতে, ঊনবিংশ শতিকাৰ শেষৰফালে দুজন ব্ৰিটিছ পুৰাতত্ত্ববিদে এই সুৰংগটো আৱিষ্কাৰ কৰিছিল৷ তেতিয়া খননৰ সময়ত ভালেমান পুৰাতাত্ত্বিক সামগ্ৰী উদ্ধাৰ কৰা হৈছিল৷ প্ৰায় দুহেজাৰ বছৰৰ আগতে এই অঞ্চলটো ৰোমানসকলে দখল কৰিছিল৷ এই শিল টুকুৰাক এক গুৰুত্বপূৰ্ণ বিত্তীয় তথ্য বুলি গণ্য কৰা হৈছে৷ ই এটা চন্দুকৰ অংশ বুলি ভবা হৈছে আৰু সংখ্যা তথা আখৰেৰে হিব্ৰু ভাষাত লিখা হৈছিল৷ পুৰা¸তত্ত্ববিদসকলে কৰা অনুমান মতে, এই ৰচিদখনৰ জৰিয়তে কোনো ব্যৱসায়ীয়ে সামগ্ৰী অৰ্ডাৰ দিয়া বুলি অনুমান কৰা হৈছে৷ ইয়াত প্ৰথমে কিছুমান সামগ্ৰীৰ নাম লিখা আছে আৰু তাৰ লগতে ইয়াৰ দামৰ কথাও উল্লেখ আছে৷ পুৰাতত্ত্ববিদসকলে কৰা অনুমান মতে, এই শিলালিপি হয় এখন ৰচিদ অথবা ইয়াৰ জৰিয়তে সামগ্ৰী অৰ্ডাৰ দিয়া হৈছিল৷