মোবাইল ফোন এতিয়া মানুহৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে৷ ঘৰুৱা কাম-কাজৰ পৰা কাৰ্যালয়কে ধৰি দিনটোৰ বিভিন্ন সময়ত বিভিন্ন কামত মোবাইল ফোন ব্যৱহাৰ কৰিবলগীয়া হয়৷ এতিয়া মোবাইলতে বহুখিনি কাম কৰিব পাৰি৷ আন কথাত মোবাইল ফোন ব্যৱহাৰ কৰি নিজকে প্ৰযুক্তি কৌশলৰ দিশত আগবঢ়াই নিব পাৰি৷ কিন্তু মোবাইলৰ অত্যধিক ব্যৱহাৰে স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে৷ দীঘলীয়া সময় মোবাইল ফোন ব্যৱহাৰ কৰিলে স্বাস্থ্যজনিত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ মোবাইল ফোনৰ ব্যৱহাৰৰ সম্পৰ্কত শেহতীয়াকৈ মুম্বাইত এটা সমীক্ষা চলোৱা হৈছিল৷ এই অধ্যয়নটো কৰা চিকিৎসকৰ দলটোৰ মতে, এসপ্তাহত গড়ে দৈনিক ৩০ মিনিটতকৈ অধিক সময় মোবাইল ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ তেওঁলোকৰ মতে, যিসকল লোকে সপ্তাহত প্ৰতি দিনে গড়ে ৩০ মিনিটতকৈ অধিক সময় মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোক উচ্ছ ৰক্তচাপত ভোগাৰ আশংকা যথেষ্ট বেছি৷ ইয়াৰ কাৰণ হ’ল মোবাইল ফোনৰ পৰা নিৰ্গত হোৱা ৰেডিঅ’ ফ্ৰিকুৱেন্সি৷ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হস্পিটেলৰ ৰিহেবিলিয়েশ্যন এণ্ড স্প’ৰ্টছ মেডিচিন বিভাগৰ সঞ্চালক ড॰ আশিস কণ্ট্ৰেক্টৰে কয় যে গৱেষকসকলে মোবাইল ফোনৰ সতৰ্কতামূলক ব্যৱহাৰৰ পৰামৰ্শ দিছে৷ অৱশ্যে মোবাইল ফোনৰ সৈতে উচ্ছ ৰক্তচাপৰ সম্পৰ্কক লৈ চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ আগতে আৰু অধিক বৈজ্ঞানিক অধ্যয়নৰ প্ৰয়োজন বুলি তেওঁ কয়৷