নিজৰ চুলিৰেই সফলতাৰ শিখৰত আৰোহণ : কোন তেওঁ ?

0
342


চুলিৰেও যে জীৱনত সফলতা লাভ কৰিব পাৰি, সেই কথা প্ৰমাণ কৰিছে ইংলেণ্ডৰ যুৱতী জেছমিন লাৰ্ছেনে৷ তেওঁ নিজৰ মনোমোহা চুলিকোছাক লৈয়ে সফলতাৰ জখলাত আগবাঢ়ে৷ দ্য ছানত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি জেছমিনে বায়’কেমেষ্ট্ৰীত স্নাতক ডিগ্ৰী লোৱাৰ পাছত এটা ভাল চাকৰি কৰিছিল৷ তেওঁ ২৫-২৬ বছৰ বয়সত চাকৰি এৰি নিজৰ চুলিকোছাক আকৰ্ষণীয় কৰি তোলাত ব্যস্ত হৈ পৰে৷ ইয়াৰ পাছত তেওঁ পূৰ্ণ পৰ্যায়ৰ হেয়াৰ ইনফ্লুৱেন্সাৰ হৈ পৰে৷ ইনষ্টাগ্ৰামত তেওঁৰ অনুগামীৰ সংখ্যা লক্ষাধিক৷ তেওঁৰ এতিয়া লাৰ্ছ হেয়াৰকেয়াৰ নামৰ এটা কোম্পানীও আছে৷ তেওঁৰ ধুনীয়া চুলিকোছা দেখি বহু লোক আকৃষ্ট হৈ পৰে৷ তেওঁৰ চুলিক পচন্দ কৰা লোকৰ এতিয়া অভাৱ নাই৷ আনকি জেছমিনৰ চুলি ক্ৰয় কৰাৰ বাবে কোটি টকাও দিবলৈ সাজু বহু লোক৷ এজন ব্যক্তিয়ে জেছমিনৰ চুলি ক্ৰয় কৰাৰ বাবে ২ কোটি টকাৰ প্ৰস্তাৱ দিছিল৷ ইয়াৰ ভালেমান অনুগামীয়ে জেছমিনক তেওঁৰ চুলিৰ ভিডিঅ’ প্ৰস্তুত কৰি শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনায়৷ বহু লোক তেওঁৰ হেয়াৰ ষ্টাইলৰ প্ৰতি আকৰ্ষিত হোৱা বুলি জানিব পৰা গৈছে৷ জেছমিনে ২০১৭ চনৰ পৰা চুলি কটোৱা নাই৷ তেওঁৰ পচন্দৰ হেয়াৰ ষ্টাইল হ’ল ইংলিছ ব্ৰেইড৷ সৰুতে তেওঁৰ মাতৃয়ে জেছমিনৰ চুলি বেণী গাঁঠি স্কুললৈ পঠিয়াইছিল৷ এতিয়া তেওঁৰ চুলি দেখি জেছমিনৰ মাতৃয়ে গৌৰৱবোধ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here