অচিৰেই মানুহে অন্য গ্ৰহৰপ্ৰাণীৰ সৈতে মুখামুখি হ’ব পাৰে!

0
1042

অন্য গ্ৰহৰ প্ৰাণীক লৈ মানুহৰ মাজত উৎকণ্ঠা তথা কৌতূহল আজিৰ নহয়৷ বহুদিন ধৰি নানা প্ৰসংগও সন্মুখলৈ আহিছে৷ বিভিন্ন সময়ত বেলেগ গ্ৰহৰ প্ৰাণী বা এলিয়েনক লৈ নানা জল্পনা-কল্পনা চলি আহিছে৷ বেলেগ গ্ৰহৰ প্ৰাণীৰ আচাৰ আচৰণ, জীৱন আদি জনাৰ প্ৰবল আগ্ৰহত বিজ্ঞানীসকলে অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ তাৰ ভিতৰত বেলেগ গ্ৰহৰ যান অৰ্থাৎ ইউএফঅ’ পৃথিৱীত বিচৰণ কৰাৰ কথাও শুনা গৈছে৷ এইধৰণৰ প্ৰাণীক কল্পনা কৰি ছবিজগতত ছবিও নিৰ্মাণ হৈছে৷ কিন্তু সেই সপোন এতিয়া সাৰ্থক হ’বলৈ বেছিদিন নাই৷ এইবাৰ বিজ্ঞানীসকলে সদৰী কৰিছে যে অচিৰেই অন্য গ্ৰহৰ প্ৰাণীৰ সৈতে মানুহৰ মুখামুখি হ’ব৷ কথাটো একেবাৰে আচৰিত লাগিলেও সঁচা৷ শেহতীয়াভাৱে মাঞ্চেষ্টাৰ বিশ্ববিদ্যালয় আৰু মৰিছাছ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে দাবী কৰিছে যে খুব কম সময়ৰ ভিতৰতে অন্য গ্ৰহৰ প্ৰাণীৰ সৈতে পৃথিৱীবাসীৰ ভেটাভেটি হ’ব৷ গৱেষকে জনোৱা মতে সৌৰজগতৰ অতি ওচৰত অন্য গ্ৰহৰ সৌৰমণ্ডল অৱস্থান কৰিছে৷ আনহাতে ছয় আলোকবৰ্ষ দূৰত অৱস্থান কৰিছে বাৰ্নাৰ্ডছ নক্ষত্ৰ৷ ইয়াৰ ঘেৰি যি সৌৰমণ্ডল তৈয়াৰ হৈছে, তাত প্ৰাণীৰ অস্তিত্ব থাকিব পাৰে৷ এই প্ৰাণীবোৰ যদি মানুহতকৈ প্ৰযুক্তিগতভাৱে যথেষ্ট উন্নত, তেতিয়াহ’লে পৃথিৱীৰ বিভিন্ন দিশত থকা মোবাইল টাৱাৰৰ পৰা অহা ৰেডিঅ’ লিকেজৰ পৰা সন্ধান পোৱা যাব৷ এই প্ৰযুক্তি আয়ত্ত কৰিলেই মানুহৰ সৈতে যোগাযোগ হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here