পৃথিৱীৰ ভূভাগৰ পৰা যিমানেই ওপৰলৈ যোৱা যায়, বায়ুমণ্ডলৰ কেইবাটাও তৰপ পোৱা যায়৷ ইয়াৰে এটা হ’ল সমতাপমণ্ডল বা ষ্ট্ৰেট’স্ফিয়েৰ৷ বায়ুমণ্ডলৰ এই তৰপটো যথেষ্ট শান্ত আৰু ইয়াত কোনোধৰণৰ শব্দ শুনিবলৈ পোৱা নাযায় বুলি কোৱা হয়৷ কিন্তু বিজ্ঞানীসকলে শেহতীয়াকৈ কৰা এটা গৱেষণাত আ(ৰ্যকৰ তথ্য লাভ কৰিছে৷ বিজ্ঞানীসকলৰ এটা দলে ষ্ট্ৰেট’স্ফিয়েৰক নিৰীক্ষণ কৰাৰ বাবে সৌৰশক্তিৰে চালিত এটা বেলুন প্ৰেৰণ কৰিছিল৷ ইয়াৰ পৰা তেওঁলোকে লাভ কৰা তথ্য আছিল আ(ৰ্যকৰ৷ তেওঁলোকে তাত এক ৰহস্যময় শব্দৰ সৃষ্টি হোৱা বুলি জানিব পাৰে৷ এই শব্দ ক’ৰ পৰা আহিছে তাৰ তথ্য লাভ কৰিব পৰা নাই৷ ৱাশ্বিংটন প’ষ্টে প্ৰকাশ কৰা অনুসৰি এই শব্দ ইনফ্ৰা ছাউণ্ড আছিল, যিটো মানুহৰ কাণে শুনিব নোৱাৰে৷ বেলুনটোৰ জৰিয়তে বিজ্ঞানীসকলে শুনিবলৈ পোৱা শব্দ কোনোবাই ফুচফুচাই কথা কোৱাৰ দৰে আছিল৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ কেলিফৰ্নিয়াৰ পাছাডোনাত থকা জেট প্ৰপালছন লেবৰেটৰীৰ গৱেষক টেকন’লজিষ্ট সিদ্ধাৰ্থ কৃষ্ণমূৰ্তিয়ে কয় যে উক্ত গৱেষণাত জড়িত গৱেষসকলে এই ৰহস্যময় শব্দৰ প্ৰসংগটোক লৈ বাদানুবাদ কৰি বহু সময় নষ্ট কৰে৷ কিন্তু যোৱা ১০ বছৰে ষ্ট্ৰেট’স্ফিয়েৰৰ অধ্যয়নৰ বাবে কেইবাবাৰো বেলুন আকাশলৈ প্ৰেৰণ কৰা হৈছে যদিও কোনেও এনে ধৰণৰ শব্দ শুনাৰ চেষ্টা কৰা নাছিল৷ এতিয়া এই শব্দ ক’ৰ পৰা আহিছে সেইটো জনাৰ বাবে বিজ্ঞানীসকলে চেষ্টা কৰি আছে৷ উল্লেখযোগ্য যে ষ্ট্ৰেট’স্ফিয়েৰ ভূভাগৰ পৰা ১০-৫০ কিল’মিটাৰ ওপৰলৈকে আছে৷