কেঞ্চাৰ! তামোল আৰুপোৰা মাংস খায় যদি সাৱধান

0
1251


ভাৰতসহ সমগ্ৰ বিশ্বতে কেঞ্চাৰ হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ বৰ্তমান কেঞ্চাৰ অধিক ভয়াৱহ হিচাপে বিবেচিত হৈছে৷ আনহাতে শৰীৰৰ আন স্থানত হোৱা কেনছাৰৰ তুলনাত হাঁওফাঁওত হোৱা কেঞ্চাৰত অধিক লোকৰ মৃত্যু হয়৷ এইদৰে কৰ্কটত আক্ৰান্ত লোকৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পোৱা বিষয়টোৱে বিশেষজ্ঞ তথা চিকিৎসকসকলকো চিন্তিত কৰি তুলিছে৷ কেঞ্চাৰ ৰোগ হোৱাৰ বিভিন্ন কাৰক আছে যদিও শেহতীয়াভাৱে পোৰা মাংস আৰু তামোল অধিক পৰিমাণে খোৱাৰ ফলত অসমত বছৰি কেঞ্চাৰ ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে৷ কেঞ্চাৰ ৰোগৰ প্ৰকৃত কাৰণ এতিয়াও গৱেষক মহলে নিশ্চিত কৰিব পৰা নাই যদিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলত তামোল সেৱন আৰু পেৰা মাংসৰ চাহিদা বৃদ্ধিয়ে ইয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে সদৰী কৰিছে৷ মুম্বাইস্থিত দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান কোকিলাবেন ধীৰুভাই আম্বানি হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডাঃ বৈভৱ চৌধাৰীয়ে জনোৱা মতে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগ বৃদ্ধিৰ মূল কাৰণ পোৰা মাংস আৰু তামোল সেৱনেই বুলি উল্লেখ কৰিছে৷ চিকিৎসকগৰাকীৰ মতে তামোল চূণ পাণেৰে খোৱাৰ ফলত মুখগহবৰৰ কেঞ্চাৰ অন্যতম কাৰণ বুলি কয় লগতে আধা সিজা বা পোৰা মাংস খোৱাৰ ফলত পাকস্থলী আৰু খাদ্যনলীত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা অধিক বুলি জানিবলৈ দিয়ে৷ আনহাতে সমগ্ৰ দেশৰ ভিতৰতে অসমত কেঞ্চাৰ ৰোগীৰ সংখ্যা অধিক বুলি তেওঁ সদৰী কৰে৷ অসমীয়া সমাজত আলহী আহিলে তামোল পাণেৰে আপ্যায়ন কৰা হয়৷ কিছুসংখ্যক লোকে দিনৰ দিনটো তামোল পাণ, চূণৰ লগতে চাদাও মিহলাই খায়৷ ইয়ে মানৱ শৰীৰত অধিক মাৰাত্মক ক্ষতিকাৰক বুলি চিকিৎসকগৰাকীয়ে লগতে উল্লেখ কৰে৷ আনহাতে পোৰা মাংস, চাহ আদি জুইৰ পৰা নমায়েই তপতে তপতে খালে পেটত হোৱা এচিডিটিয়ে খাদ্যনলীত কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে বুলিও তেওঁ কয়৷ আনহাতে মাংস পোৰা সঁজুলিত পূৰ্বতে পোৰা মাংসৰ টুকুৰা জ্বলি জ্বলি তাত ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয়৷ এই ৰাসায়নিক পদাৰ্থ খাদ্যৰ সৈতে পেটলৈ যোৱাৰ ফলত পাকস্থলীৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা অধিক বুলিও তেওঁ জানিবলৈ দিয়ে৷ ইয়াৰ উপৰি চিগাৰেট, বিড়ি, চাদা, পাণ মছলা, গুটকা, চুপাৰি আদি খোৱাৰ ফলতো মুখগহ্বৰৰ কৰ্কট ৰোগ হোৱাৰ আশংকা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here