পুৰুষে মোবাইলত বেছিকৈ কি চায়এইক্ষেত্ৰত মহিলাও পিছপৰা নাই

0
1282


ক’ভাৰছেচন মিডিয়া প্লেটফৰ্ম Bable AI-এ স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলৰ ওপৰত এটা অধ্যয়ন কৰিছিল৷ এই গৱেষণাটো প্ৰায় ৮৫ মিলিয়ন পুৰুষ-মহিলাক লৈ কৰা হৈছিল৷ এই গৱেষণাৰ কৰা হৈছিল নিজৰ এণ্ড্ৰয়ড মোবাইল ফোনত সকলোতকৈ বেছি কি ধৰণৰ ভিডিঅ’ চাৰ্ছ কৰে বা চায়৷ Bable AI-ৰ সমীক্ষা মতে ভাৰতীয়সকলে ২০২১ চনৰ তুলনাত ২০২২ চনত ৫০ শতাংশতকৈও বেছি সময় স্মাৰ্টফোনত ব্যয় কৰিছে৷ অৰ্থাৎ মোবাইল অবাবত সময় নষ্ট কৰাৰ প্ৰৱণতা যথেষ্ট বাঢ়িছে৷ আনহাতে গৱেষণাটোত পুৰুষসকলে এপ পচন্দ কৰাৰ ক্ষেত্ৰত ভাৰতীয় পুৰুষসকল সকলোতকৈ আগত আছে৷ ভাৰতীয় পুৰুষসকলে স্মাৰ্টফোনত সকলোতকৈ বেছি গেমিং এপ ব্যৱহাৰ কৰে৷ আনহাতে মহিলাসকলৰ মাজত গেমিং এপৰ প্ৰতি আগ্ৰহ যথেষ্ট কম দেখা গৈছে৷ মাত্ৰ ৬.১ শতাংশ মহিলাইহে গেমিং এপ্লিকেশ্যন ব্যৱহাৰ কৰে৷ গেমিং এপ পচন্দ নকৰিলেও ছ’চিয়েল মিডিয়া তথা মেছেজিং এপত মহিলাসকল বেছ সক্ৰিয়৷ গৱেষণা অনুসৰি ভিডিঅ’ এপ্লিকেশ্যন ব্যৱহাৰকাৰীসকলৰ মাজৰ ২১.৮ শতাংশই মহিলা৷ খাদ্য বা ৰন্ধন সম্পৰ্কীয় এপ্লিকেশ্যনবোৰৰ ব্যৱহাৰকাৰীৰ মাজৰ ২৩.৫ শতাংশ মহিলা৷ আনহাতে সমীক্ষাটোৰ পৰা জানিব পৰা মতে পেমেণ্ট এপত মহিলাসকলৰ অংশগ্ৰহণ ১১.৩ শতাংশ আৰু খেল সম্পৰ্কীয় এপবোৰত ৬.১ শতাংশ৷ প্ৰতিবেদনখন অনুসৰি বেছিভাগ ভাৰতীয় পুৰুষে গেমিং এপ্লিকেশ্যন ব্যৱহাৰ কৰাৰ পচন্দ কৰাৰ বিপৰীতে মহিলাসকলে ৰন্ধন বা খাদ্য তথা মেছেজিং এপ্লিকেশ্যন পচন্দ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here