চোৰাং চিকাৰী হ’লগৈ বিলুপ্তিপ্ৰায়জন্তুৰ ত্ৰাণকৰ্তাস্বৰূপ তথা সংৰক্ষক

0
117


মানুহৰ জীৱনলৈ কোন সময়ত কি পৰিৱৰ্তন আহে কোনেও ক’ব নোৱাৰে৷ তেনে এক ঘটনাই ঘটিল নগালেণ্ডত৷ মানুহৰ জীৱনত ঘটা এই পৰিৱৰ্তননে মানুহজনে খ্যাতি অৰ্জাৰ লগতে সকলোৰে মাজত জনাজাত হৈ পৰে৷ ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ বহু উদাহৰণ আছে এই পৃথিৱীত৷ নগালেণ্ডৰ তেনে এজন ব্যক্তিৰ জীৱনলৈও হঠাৎ পৰিৱৰ্তন আহিল৷ এটা সময়ত চোৰাং বেপাৰীৰূপে জনাজাত ব্যক্তিজন হঠাতে সলনি হ’ল জীৱ সংৰক্ষকৰূপে৷ পূৰ্বতে চৰাই-চিৰিকটি হত্যা কৰি ভাল পোৱা এই ব্যক্তিজনে জন্তুক কেতিয়াও হত্যা নকৰাৰ প্ৰতিজ্ঞা কৰে৷ তেওঁ বিলুপ্ৰিপ্ৰায় চৰাই তথা জন্তুৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰাৰ সিদ্ধান্ত লয়৷ এই বিশেষ ব্যক্তিজনৰ নাম হ’ল ৰুভোতো বেলহো৷ তেওঁ ইতিমধ্যে আঘাতপ্ৰাপ্ত কিমান চৰাই তথা জন্তুৰ প্ৰাণৰক্ষা কৰিলে তাৰ হিচাপ নাই৷ আঘাত পোৱা চৰাই তথা জন্তুবোৰক কহিমাৰ নিজৰ ঘৰত থকা মিনি চিৰিয়াখানাৰ ৰাখি চোৱা-চিতা কৰে৷ এতিয়া এই চৰাই তথা জন্তুবোৰৰ কাৰণে বেলহো ভগৱানস্বৰূপ হৈ পৰিছে৷ উল্লেখ্য যে বেলহো শৈশৱৰে পৰা প্ৰকৃতিৰ লগত থাকি ডাঙৰ-দীঘল হৈছে৷ তেওঁৰ পৰিয়ালৰ লোকসকলেও এসময়ত হাবিত চিকাৰ কৰিছিল৷ তেৱো তাত জড়িত হৈ পৰে আৰু এজন দক্ষ চিকাৰী হৈ পৰে৷ এনেতে চিকাৰ কৰি থাকোঁতে এদিন এটা দুৰ্লভ প্ৰজাতিৰ চৰাই চিকাৰ কৰাৰ পাছত নিজকে অনুশোচনাত ভোগে৷ এই ঘটনাটোৱে তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আনে আৰু কেতিয়াও চিকাৰ নকৰাৰ প্ৰতিজ্ঞা কৰে৷ তাৰ পৰিৱৰ্তে তেওঁ বন্য জীৱ-জন্তুৰ সংৰক্ষণত মনোনিৱেশ কৰে৷ চোৰাং চিকাৰীৰ পৰিৱৰ্তে তেওঁ হৈ পৰে এজন জীৱ সংৰক্ষক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here