কেঞ্চাৰ প্ৰতিৰোধী চাউলবিধ ক’ত পায়?

0
1429

গোলাঘাট জিলাৰ খুমটাইৰ যুৱ খেতিয়ক বিমান শইকীয়াই বেঙুনীয়া ধান খেতিৰে চমক সৃষ্টি কৰিছে৷ যুৱ কৃষকজনে এনে ব্যতিক্ৰমী ধান খেতি কৰি কৃষিকাৰ্যৰ ক্ষেত্ৰত কৃষি বিপ্লৱৰ সূচনা কৰিছে৷ খেতিয়ক শইকীয়াই জানিবলৈ দিয়া মতে, বিমানেৰে সুদূৰ জাপানৰ পৰা বীজ আনি নিজস্বভাৱে পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা বেঙুনীয়া ধান খেতি কৰিবলৈ সক্ষম হৈছে৷ তেওঁ বেঙুনীয়া ধানৰ পৰা প্ৰস্তুত কৰা চাউল খাই কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি জানিবলৈ দিয়ে৷ কৃষকজনে প্ৰথমে দুবিঘা মাটিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বেঙুনীয়া ধানৰ খেতি কৰিছিল৷ ধানবিধৰ কঠীয়া মাত্ৰ এডালকৈহে ৰোপণ কৰিব লাগে বুলি তেওঁ লগতে উল্লেখ কৰে৷ এনেধৰণে খেতিডৰা কৰোতে অধিক মাত্ৰাত ফচল উৎপাদন হয় আৰু প্ৰতিকেজিত তেওঁ ২০০ টকা দৰত বিক্ৰী কৰা বুলিও জানিবলৈ দিয়ে৷ এই ধানবিধৰ গা-গছ, ধান আনকি চাউলৰ ৰঙো বেঙুনীয়া ৰঙৰ হয়৷ এনেদৰে উৎপাদিত বেঙুনীয়া ধানবিধত প্ৰ’টিন আৰু কেলচিয়াম অত্যধিক পৰিমাণে থাকে বুলি লেবৰেটৰীত পৰীক্ষা কৰি জানিবলৈ পোৱা গৈছে৷ যাৰ বাবে এই ধানৰ পৰা পোৱা চাউলবিধৰ কেঞ্চাৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here