সাৱধান : দেশৰ কিছু ৰাজ্যত পৰিব ঘূৰ্ণীবতাহ মোকাৰ প্ৰভাৱ

0
437

সোমবাৰ অৰ্থাৎ আঠ মে’ৰ পৰা সাগৰৰ ঘূৰ্ণীবায়ু দক্ষিণ পূব বংগোপসাগৰৰ ওপৰত নিম্নচাপত পৰিণত হ’ব পাৰে৷ তাৰ পৰা এই নিম্নচাপে ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই৷ এইপৰ্যন্ত সাগৰৰ উপকূলত এলেকাত যি পৰিস্থিতি, সেই কথা অনুমান কৰি এই সাৱধানবাণী শুনাইছে বতৰ কেন্দ্ৰই৷ আনহাতে এই মোকা নামৰ ঘূৰ্ণীবতাহ সোমবাৰে অৰ্থাৎ আঠ মে’ৰ পৰা আন্দামানত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ আন এক খবৰ মতে আলিপুৰৰ বতন বিজ্ঞান কেন্দ্ৰই জনোৱা মতে সোমবাৰৰ পৰা আন্দামানত ঘণ্টাত ৮০ৰপৰা ৯০ কিলোমিটাৰ বেগে ঘূণ¹বতাহ মোকা আহিব পাৰে৷ একেদৰে মঙলবাৰে ঘণ্টাত ৬০-৭০ বেগত আৰু বুধবাৰে ঘণ্টাত ৮০-৯০ কিলোমিটাৰ বেগত আন্দামানত এই মোকা অহাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে৷ ইয়াৰ লগতে অত্যধিক বৰষুণ অহাৰো সম্ভাৱনী আছে৷ আনহাতে কলিকতাৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে অন্ধ্ৰ প্ৰদেশত এই মোকা প্ৰভাৱ পৰাৰ সম্ভাৱনা কম৷ তেওঁলোকে কয় যে ঘূৰ্ণীবতাহ মোকা অহাৰ পূৰ্ণ সম্ভাৱনা আছে কলকাতা আৰু উৰিষ্যাত৷ এই দুই ৰাজ্যত মোকাৰ প্ৰভাৱ পৰিব৷ আনহতে তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশত কমকৈ ইয়াৰ প্ৰভাৱ পৰিব বুলি সদৰী কৰিছে কেন্দ্ৰৰ ফালৰ পৰা৷ এই মোকা দক্ষিণ পূব বংগোপসাগৰৰ য’ত উৎপত্তি হৈছে, কলকাতাৰ পৰা ইয়াৰ দূৰত্ব ১৫০০ কিলোমিটাৰ৷ যদি এই ঘূৰ্ণীবতাহ দক্ষিণ ম্যানমাৰৰ দিশে আগুৱাই আহে, তেনেহ’লে পশ্চিম বংগ বা উৰিষ্যাত সোমাবলৈ বেছি সময়ৰ প্ৰয়োজন নহ’ব৷ মোকাৰ এই তাণ্ডৱ সম্ভাৱনাৰ বাবে ইতিমধ্যে মৎস্যজীৱীসকলৰ সাৱধান কৰি দিয়া হৈছে৷ সাত মে’ৰ পৰা মৎস্যজীৱীসকলক সাগৰলৈ যোৱাত বাৰণ কৰা হৈছে৷ অহা ১২ মে’লৈ এই নিষেধাজ্ঞা বাহাল থাকিব৷ আনহাতে অনাগত পাঁচদিনলৈ স্বাভাৱিক তাপমাত্ৰাতকৈ তিনিৰ পৰা পাঁচ ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বঢ়াৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here