২০৬০ চনলৈ ১২-১৮ দিনপৰ্যন্তবৃদ্ধি পাব গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপ

0
289


এইবাৰ এপ্ৰিল মাহৰ পৰা উৎকট গৰমে জনসাধাৰণক ত্ৰাহিমধুসূদন দেখুৱাইছে৷ সূৰ্যৰ প্ৰখৰ তাপত বাহিৰলৈ ওলাবলৈকে দহবাৰ ভাবিবলগীয়া হৈছে৷ সূৰ্যৰ তাপৰ পাৰাস্তম্ভ কোনোবাদিনা ৪০ ডিগ্ৰীপৰ্যন্ত চুইছে৷ সৰ্বসাধাৰণক এতিয়াই সূৰ্যৰ তাপে দগ্ধ কৰিছে, অনাগত মাহকেইটাই আৰু কি পৰিস্থিতিৰ সৃষ্টি হয়, সেয়াহে লক্ষণী হ’ব৷ আনহাতে শেহতীয়াভাৱে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা এক প্ৰতিবেদনে এতিয়া সকলোকে ভবাই তুলিছে৷ প্ৰতিবেদনখনত উল্লেখ কৰা মতে ভাৰতবৰ্ষত ২০৬০ চনলৈ গ্ৰীষ্মপ্ৰবাহৰ মাত্ৰা ১২-১৮ দিনপৰ্যন্ত বৃদ্ধি পাব৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতৰ উপকূলীয় অঞ্চলবোৰত এই প্ৰকোপ পৰিলক্ষিত হ’ব৷ আনহাতে দেশত আন প্ৰাকৃতিক দুৰ্যোগত তুলনাত গ্ৰীষ্মপ্ৰবাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক বুলিও জানিব পৰা গৈছে৷ বিগত ৩০ বছৰত ভাৰতত গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপ অধিক বৃদ্ধি পোৱা বুলিও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এই নতুন প্ৰতিবেদনখনৰ লৈ এতিয়া সকলোৱে হতাশ হোৱা দেখা গৈছে৷ ৰ’দৰ প্ৰকোপ এনেই বাঢ়ি গৈ আছে, তেনেস্থলত গ্ৰীষ্মৰ সময়ছোৱা পুনৰ ১৮ দিন বাঢ়িলে অসহনীয় সূৰ্যৰ তাপ কিদৰে সহ্য কৰিবলগীয়া পৰিৱেশৰ সূচনা হ’ব, সেয়া লক্ষণীয় হৈ পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here