উদ্বেগজনক তথ্য : ভজা খাদ্যই মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়

0
303


ফ্ৰেন্স ফ্ৰাইডৰ দৰে ভজা খাদ্য যিমান জুতি লগা সিমানেই ক্ষতিকাৰকো৷ গৱেষকসকলে এটা নতুন অধ্যয়নত এই তথ্য লাভ কৰিছে৷ গৱেষকসকলৰ মতে, ই মানুহৰ মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়৷ চীনৰ হেংঝৌৰ গৱেষকসকলে জানিব পৰা মতে ফ্ৰেন্স ফ্ৰাইজ নিম্ন চাপত ভোগাৰ আশংকা অধিক হয়৷ চীনৰ বিশেষজ্ঞসকলৰ মতে যিসকল লোকে প্ৰায়ে ফ্ৰেন্স ফ্ৰাইজ খায় তেওলোকৰ মানসিক উদ্বেগ তথা অৱসাদত ভোগাৰ আশংকা ১২ শতাংশ অধিক হয়৷ আমেৰিকাৰ পৰা প্ৰকাশিত পি এন এ এছত এই গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে৷ ইয়াত উল্লেখ কৰা অনুসৰি যিসকল লোকে ভজা খাদ্য কম খায় তেওঁলোকৰ মানসিক অৱসাদ তথা চাপত ভোগাৰ আশংকা ৭ শতাংশ৷ আনহাতে যিসকলে অধিক খায় তেওঁলোকৰ মানসিক অৱসাদত ভোগাৰ আশংকা ১২ শতাংশ অধিক হয়৷ অধ্যয়নটোৰ পৰা জানিব পৰা মতে, যুৱ প্ৰজন্মৰ ক্ষেত্ৰত এই আশংকা অধিক হোৱা দেখা পোৱা যায়৷ ইয়াৰ লগতে এনেধৰণৰ খাদ্যই মেদ বহুলতা, ৰক্তচাপ আৰু স্বাস্থ্যজনিত আন সমস্যা বৃদ্ধি কৰিব পাৰে৷ বিশেষজ্ঞসকলে সেয়েহে ভজা খাদ্য যিমান পাৰি কমকৈ খোৱাৰ পৰামৰ্শ দিছে৷ গৱেষকসকলে ১,৪০,৭২৮জন লোকক লৈ এই গৱেষণাটো কৰিছিল৷ তেওঁলোকে অধ্যয়নটো প্ৰথম দুবছৰত মানসিক চাপত ভোগাৰ লক্ষণ দেখা পোৱা ১২,৭৩৫জন লোকে ভজা খাদ্য অধিক পৰিমাণে খোৱা বুলি জানিব পাৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here