বিজ্ঞানীৰ অনুসন্ধান : ৰহস্যময় শব্দ আহিছে মহাকাশৰ পৰা

0
251


পৃথিৱীৰ বাদে আন গ্ৰহত প্ৰাণী আছে নে নাই, আছে যদি ক’ত আছে সেই বিষয়ে জনাৰ বাবে বিজ্ঞানীসকলে অহৰহ চেষ্টা কৰি আছে৷ আন গ্ৰহৰ প্ৰাণীৰ সম্পৰ্কত এতিয়ালৈকে যিমানখিনি তথ্য আগবঢ়োৱা হৈছে সেই সকলোবোৰ আনুমানিকহে, নিশ্চিতভাৱে এই বিষয়ে কোনেও তথ্য আগবঢ়াব পৰা নাই৷ কিন্তু শেহতীয়াকৈ মহাকাশৰ পৰা অহা শব্দ তৰংগই বিজ্ঞানীসকলক এই দিশত আশান্বিত কৰি তুলিছে৷ কানাডিয়ান হাইড্ৰজেন ইনটেনছিটি মেপিং এক্সপেৰিমেণ্টৰ [চি এইচ আই এম ই] ৰেডিঅ’ টেলিস্ক’পত এক ৰহস্যময় শব্দ তৰংগ ৰেকৰ্ড হৈছে৷ বিজ্ঞানীসকলৰ মতে, এই শব্দ তৰংগ সাধাৰণতে বিশ্বব্ৰহ্মাণ্ডৰ আন স্থানৰ পৰা অহা শব্দৰ সৈতে মিল নাই৷ এই শব্দ কোন তাৰকা ৰাজ্যৰ পৰা আহিছে সেই সম্পৰ্কে বিজ্ঞানীসকলে অনুসন্ধান কৰি আছে৷ কিন্তু অনুমান মতে এই শব্দ আন গ্ৰহৰ প্ৰাণীৰো হ’ব পাৰে৷ বিশেষজ্ঞসকলৰ মতে, হয়তো আন গ্ৰহৰ প্ৰাণীয়ে পৃথিৱীৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰি আছে৷ ৰেডিঅ’ টেলিস্কপত তনি বছৰত এনে ধৰণৰ শব্দ তৰংগ ২৫ বাৰ ৰেকৰ্ড কৰা হয়৷ সাধাৰণতে এই যন্ত্ৰই ৰেডিঅ’ বাষ্টৰ্ ৰেকৰ্ড কৰে৷ ৰেডিঅ’ বাষ্টৰ্ হ’ল নক্ষত্ৰৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা শব্দ৷ কিন্তু ইয়াত শেহতীয়াকৈ হোৱা শব্দ তৰংগ ইয়াৰ পৰা সম্পূৰ্ণ পৃথক৷ সেয়েহে বিশেষজ্ঞসকলে ইয়াক আন গ্ৰহৰ প্ৰাণীয়ে প্ৰেৰণ কৰা বাৰ্তা হ’ব পাৰে বুলি অনুমান কৰিছে৷ বিশেষজ্ঞসকলে কয় যে নক্ষত্ৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা শব্দৰ ভিন্ন ভিন্ন ধৰণৰ, কিন্তু তিনি বছৰত কৰা ২৫টা ৰেকৰ্ডিংছ প্ৰায় একেধৰণৰ৷ ই নক্ষত্ৰৰ বিস্ফোৰণৰ ফলত উৎপত্তি হোৱাৰ সম্ভাৱনা কম৷ টৰণ্টো বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিদসকলৰ মতে, এই শব্দ একেটা স্থানৰ পৰা আহিছে৷ সেয়েহে আন গ্ৰহৰ প্ৰাণী ক’ত আছে সেই বিষয়েও জানিব পৰা যাব বুলি বিজ্ঞানীসকলে কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here