জনসংখ্যা বৃদ্ধিৰ লক্ষ্য : অকলশৰীয়া মহিলাক সন্তান ধাৰণৰ অনুমতি : ক’ত?

0
231


সমগ্ৰ বিশ্বই এক অভাৱনীয় জনসংখ্যা বৃদ্ধিৰ ভৰ সহ্য কৰিবলগীয়া হৈছে৷ বিশ্বতে দৈনিক হাজাৰগুণে সন্তান জন্ম হোৱাৰ ফলত জনসংখ্যাৰ বৃদ্ধিৰ লেখডাল ক্ৰমে ঊৰ্ধ্বমুখী হৈয়ে গৈ আছে৷ এই জনসংখ্যা বৃদ্ধিৰ হাৰে সমগ্ৰ বিশ্বজুৰি আহুকালত পেলাইছে৷ ইয়াক নিয়ন্ত্ৰণৰ বাবে ন ন কৌশল অৱলম্বন কৰিছে যদিও সফল হ’বলৈ সক্ষম হোৱা নাই৷ বিভিন্ন দেশৰ চৰকাৰে জনসংখ্যা ৰোধৰ বাবে বিভিন্ন আঁচনি, কৰ্মপন্থা হাতত লৈছে৷ কিন্তু এইক্ষেত্ৰত যিমান সফলতা লাভ কৰিব লাগিছিল সেয়া হৈ উঠা নাই৷ জনসংখ্যা ৰোধৰ বাবে সমগ্ৰ বিশ্বই এটা মেৰুত থিয় হোৱাৰ সময়তে জনসংখ্যাৰ ক্ষেত্ৰত এখন দেশে লোৱা এক বিশেষ পদক্ষেপে এতিয়া সকলোৰে চকু কপালত উঠিছে৷ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত চীন দেশে এটা সম্পূৰ্ণ বিপৰীত স্থিতিত অৱস্থান কৰিছে৷ দেশখনৰ চৰকাৰে জনোৱা মতে জনসংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত অথবা দেশখনত বৃদ্ধ আৰু অক্ষম লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত জনসংখ্যা বৃদ্ধিৰ হকে দেশখনে নিতৌ ন ন কৌশল হাতত লৈছে৷ জনসংখ্যা বৃদ্ধিৰ বাবে এইবাৰ দেশখনৰ অকলশৰীয়া মহিলাসকলক আই ভি এফ পদ্ধতিৰে সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰে৷ ইয়াৰ লগতে চৰকাৰে অকলশৰীয়া মহিলাক সমস্ত মাতৃকালীন সুবিধা আগবঢ়োৱা হ’ব বুলিও ঘোষণা কৰে৷ এতিয়া দেশখনৰ এই পদক্ষেপক লৈ দেশৰ বাহিৰে-ভিতৰে সৰৱ চৰ্চা চলা বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here