অৱলুপ্তি প্ৰাণীৰ জিনেৰে কৃত্ৰিম মাংস প্ৰস্তুত : কেনেকৈ?

0
408


পৃথিৱীৰ এনে এটা সময় আহিব, য’ত নেকি প্ৰাণীজ মাংস খোৱাৰ অৱকাশ নাথাকিব৷ তেতিয়া কৃত্ৰিমভাৱে তৈয়াৰী মাংসতে পৃথিৱীবাসী ভৰসা কৰিবলগীয়া হ’ব৷ অলপতে নেদাৰলেণ্ডাৰ ছায়েন্স মিউজিয়ামত লুুপ্তপ্ৰায় প্ৰাণীৰ মেম’থৰ ডি এন এৰ পৰা কৃত্ৰিম মাংসৰ বৃহত্তম বল উন্মোচন কৰে৷ কৃত্ৰিম মাংস উৎপাদনকাৰী এটা সংস্থাই এই মাংসৰ বলটো প্ৰস্তুত কৰি উলিয়ায়৷ সংস্থাটোৱে দাবী কৰা মতে এটা সময়ত পৃথিৱীত প্ৰাণীজ মাংস খোৱাৰ আৰু অৱকাশ নাথাকিব৷ তেতিয়া এই কৃত্ৰিম মাংসৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হ’ব৷ সংস্থাটোৰ প্ৰতিষ্ঠাতা টিম নকস্মিথে কয় যে তেওঁলোকে এনে এবিধ বস্তু আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছে, যি এইপৰ্যন্ত কোনেও খোৱা নাই৷ তেওঁ লগতে প্ৰকাশ কৰে যে এই গৱেষণাত মেম’থ বাছি লোৱাৰ অন্যতম কাৰণ হ’ল নোমাল দাঁতাল দেখিবলৈ কেইবাটাও হাতীৰ দৰে প্ৰাগৈতিহাসিক যুগৰ এই আফ্ৰিকান প্ৰাণীবিধ একেবাৰেই অৱলুপ্ত৷ গৱেষকে জানিবলৈ দিয়া মতে ভেড়াৰ দেহৰ কোষ সংগ্ৰহ কৰি মেম’থৰ মায়োগ্লোবিন জিনৰ মাজেৰে প্ৰৱেশ কৰাই দানাকাৰ এই মাংসৰ বল তৈয়াৰ কৰা হৈছে৷ কৃত্ৰিম মাংস প্ৰকৃত মাংসৰ দৰে সোৱাদ, ৰং তথা গোন্ধ অটুট ৰাখিবলৈ এই মায়োগ্লোবিনে সহায় কৰে৷ গৱেষকৰ মতে প্ৰায় চাৰি হাজাৰ বছৰ পুৰণি প্ৰাণীটোৰ প্ৰ’টিন অত্যন্ত স্বাস্থ্যকৰ৷ এইধৰণৰ প্ৰ’টিনৰ গঠন সহজে আন খাদ্যত দেখা নায়ায়৷ যিহেতু ইউৰোপীয় দেশবোৰৰ মাংস খোৱাৰ প্ৰৱণতা অত্যধিক, সেয়ে এই খাদ্যৰ বিকল্প হিচাপে এতিয়াই ভবাৰ প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here