দৈ খোৱা শৰীৰৰ স্বাস্থ্যৰ বাবে খুব ভাল৷ নিয়মিতভাৱে দৈ সেৱন কৰিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷ ইয়াৰ লগতে শাৰীৰিক অন্য সমস্যাও সমাধান হয়৷ সাধাৰণতে শীতকালিতকৈ গৰমৰ দিনত দৈ খোৱাটোহে বেছি পচন্দ কৰে৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দৈয়ে সহায় কৰে৷ আনহাতে দৈয়ে পেট ভালে ৰখাত সহায় কৰে৷ হজম শক্তি উন্নত হোৱা, পেট ঠাণ্ডা কৰা, শৰীৰক শক্তিৰ যোগান ধৰা আদি কামবোৰ দৈ খালে সমাধান হয়৷ কিন্তু দৈ খাওঁতে কিছু নিয়ম মানি চলা ভাল, নহ’লে ভালতকৈ ক্ষতি কৰাৰ সম্ভাৱনা বেছি৷
কেতিয়াও দৈ গৰম কৰি নাখাব৷ প্ৰাকৃতিকভাৱে দৈ যিহেতু ঠাণ্ডা, সেয়ে সাধাৰণ তাপমাত্ৰাত দৈ খাব লাগে৷ কিয়নো দৈ গৰম কৰিলে তাৰ খাদ্যগুণ নোহোৱা হয়৷ যাৰ ফলত শৰীৰৰ ক্ষতি কৰিব পাৰে৷
কফজনিত সমস্যা, চৰ্দি, কাহ আদিত দৈ একেবাৰে নাখাব৷ দৈ খোৱাৰ ফলত এইধৰণৰ সমস্যা বহু বেছি বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে৷ যাৰ ফলত হিতে বিপৰীতহে হ’ব পাৰে৷
ৰাতি দৈ খোৱাটো উচিত নহয়৷ ইয়াৰ ফলত কফৰ সমস্যা বাঢ়িব পাৰে৷ অত্যন্ত প্ৰয়োজনত বাটাৰ মিল্ক খাব পাৰে৷ আনহাতে গুৰ, নিমখ বা জালুকৰ সৈতে দৈ খালে যথেষ্ট উপকাৰ পোৱা যায়৷
দৈ কেতিয়াও ফল-মূলৰ সৈতে নোখোৱাটো ভাল৷ চিৰা আৰু কলৰ সৈতে দৈ খাব পাৰে বা ওটচ আদিৰ লগতো দৈ খোৱাটো ভাল৷ কিন্তু খালী পেটত দৈ ফলত সৈতে খোৱাটোৱে ভাল৷ ইয়ে বিপাক ক্ৰিয়া অথবা এলাৰ্জিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷