জুয়ে পুৰিলে লগে লগে কি কৰিব?

0
1767

জীৱনত মানুহে বিভিন্ন অঘটনৰ সন্মুখীন হ’ব লগা হয়৷ তাৰ ভিতৰত জুয়ে পোৰাটোও এটা৷ বিভিন্ন কাৰণত মানুহক জুয়ে পুৰিব পাৰে৷ জুয়ে পৰিলে শৰীৰত ফোহাৰ দৰে ঢৌ ফুলি উঠে৷ পোৰা স্থানত অসহ্যকৰ বিষ অনুভৱ হয়, জ্বলা-পোৰা কৰে৷ কেতিয়াবা ছাল ছিঙি ক্ষতস্থানৰ পৰা পানীজ্বলা বান্ধি জ্বলনৰ মাত্ৰা অত্যধিক হয়৷ জুয়ে পোৰাৰ লগে লগে আমি কি কৰিব লাগে, কিছুমান কথা জনাটো আৱশ্যক৷ কুহুমীয়া পানীত দুচামুচ বেকিং ছ’ডা মিহলাই লৈ ক্ষতস্থানডোখৰ ধুই দিব লাগে৷ আলু চকলা-চকলকৈ পোৰাৰ লগে লগে ক্ষতস্থানত লগালে জ্বলন কম হয়, তাৰ ঢৌ হ’ব নোৱাৰে৷ গাজৰ এডোখৰ জুয়ে পোৰা ঠাইত লগালে ঢৌ নুঠে৷ জুইয়ে পোৰাৰ সময়ত ঘৰত সহজে পোৱা টুথপেষ্ট নাইবা নাৰিকলৰ তেল পোৰা অংশত লগালে জ্বলা-পোৰাৰ মাত্ৰা কমে আৰু ঢৌ উঠিব নোৱাৰে৷ চালকুঁৱৰীৰ পাত খুন্দি ক্ষতস্থানত লগালে যথেষ্ট আৰাম পোৱা যায়৷ অমিতাৰ আঠা লগালেও সুফল পোৱা যায়৷ পুৰৈশাকৰ পাত মিহিকৈ খুন্দি মাখনৰ সৈতে পোৰা অংশত লগালে আৰাম পোৱা যায়৷ পকা ভীমকল চকলা চকলকৈ কাটি লগালে ঠাণ্ডা অনুভৱ হয় আৰু ঢৌ নুঠে৷ এনেদৰে সাধাৰণ কিছুমান ঘৰুৱা বিধান পালন কৰিলে জুয়ে পোৰাৰ পাছত শৰীৰ জ্বলা-পোৰাৰ পৰা ৰক্ষা কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here