বৰ্তমান বিশ্বৰ উন্নতিয়ে সৰ্বোচ্চ উচ্চতা অতিক্ৰম কৰাৰ পাছতো কিন্তু আজিও কিছুমান অজানা কথা ৰৈ গৈছে৷ বিশ্বত আজিও বহু জানিবলগীয়া কথা আছে৷ যাৰ অস্তিত্বৰ কথা কোনেও নাজানে৷ কিয়নো তাৰ উৎস বা অৱস্থিতি পোৱা সম্ভৱ নহয়৷ তাৰেই প্ৰমাণ হিচাপে বিজ্ঞানীয়ে সমুদ্ৰৰ আঠ কিলোমিটাৰ গভীৰতা কিছু অস্তিত্বৰ কথা জানিব পাৰিছে৷ প্ৰশান্ত মহাসাগৰৰ আইজু-ওগাছাৰ ট্ৰেন্সত এনে এক গভীৰতাত পোৱা হৈছে কিছু ৰহস্য৷ টকিঅ’ বিশ্ববিদ্যালয়ৰ মেৰিন ছায়েন্স এণ্ড টেকন’লজি আৰু পশ্চিম অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাত শেহতীয়াভাৱে কৰা অধ্যয়নত সমুদ্ৰৰ গভীৰতাৰ এই অঞ্চলৰ ছবি সংগ্ৰহ কৰিছে৷ যিখন ছবিত দেখা গৈছে বিশেষ ধৰণৰ মাছে ঘূৰি ফুৰা দৃশ্য৷ জনা গৈছে যে এই মাছবোৰ স্নেল মাছৰে এবিধ৷ যিয়ে পানীৰ আঠ কিলোমিটাৰ তলত চাপ সহ্য কৰিবলৈও সক্ষম হয়৷ এইবিধ মাছৰ এই অঞ্চল উপযুক্ত হিচাপে গণ্য কৰে আৰু ইহঁতে কেতিয়াও ওপৰলৈ উঠি নাহে৷ উল্লেখ্য যে ২০১৭ চনত মাৰিয়ানা ট্ৰেন্স, যাক বিশ্বৰ সকলোতকৈ গভীৰ বুলি জনা যায়৷ তাত সমুদ্ৰৰ তলত এই স্নেল প্ৰজাতিৰ মাছ দেখা পোৱা গৈছিল৷ বিজ্ঞানীয়ে এই কথা জানিবলৈ চেষ্টা কৰিছে যে এই মাছ পানীৰ কিমান গভীৰতাত থকাৰ সক্ষমতা আছে৷ আইজু-ওগাছাৰ ট্ৰেন্সত এই মাছৰ অস্তিত্বৰ কথা ইয়াৰ আগেয়ে বিশ্ববাসীয়ে জনা নছিল৷ গৱেষকসকলে কৰা গৱেষণাৰ পৰা প্ৰাণীজগতত আৰু প্ৰাণীৰ অস্তিত্ব পোৱা গ’ল৷