বৰ্নভিটা এবিধ শক্তিবৰ্ধক পানীয় হিচাপে বহুল ব্যৱহূত হৈ আহিছে৷ মাৰ্কিন সংস্থাৰ নেচলেণ্ডৰ অধীনত কেডবেৰীয়ে এইবিধ জনপ্ৰিয় শক্তিবৰ্ধক পানীয় প্ৰস্তুত কৰি আহিছে৷ আমাৰ মাজৰ বিশেষকৈ খেলুৱৈ, শাৰীৰিক ব্যায়াম কৰাসকলে, অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত এইবিধ বেছ জনপ্ৰিয় এক পানীয় আৰু বহুল সমাদৃত হিচাপে পৰিচিত৷ বজাৰত এক সুকীয়া স্থান বৰ্নভিটাত দখল কৰি আহিছে৷ ইমানৰ পাছত শেহতীয়াভাৱে কৰা এক দাবীয়ে সকলোকে হতবাক কৰিছে৷ কিয়নো জানবি পৰা মতে বৰ্নভিটাত আছে অস্বাস্থ্যসন্মত উপাদান৷ এনাৰ্জী ড্ৰিংক হিচাপে জনাজাত এই বৰ্নভিটাত আছে কেঞ্চাৰ ৰোগৰ মাৰাত্মক ৰোগৰ উপাদান৷ এই দাবী কৰিছে ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্জাৰে৷ তাৰ পাছতে ইয়াক লৈ সৰৱ চৰ্চা আৰম্ভ হৈছে৷ আনহাতে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগ চমুকৈ এন চি পি আৰ-এ এনে পৰিস্থিতিত বিষয়টো হস্তক্ষেপ কৰিছে৷ ইয়াৰ লগতে এন চি পি আৰে শীঘ্ৰে বৰ্নভিটাৰ বিজ্ঞাপন বন্ধ কৰিব লাগে বুলি নিৰ্দেশ জাৰি কৰিছে৷ উল্লেখ্য যে ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্জা নামৰ সংস্থাটোৱে বৰ্নভিটাত চকলেট আৰু চেনিৰ দৰে ক্ষতিকাৰক উপাদান থকা বুলি দাবী কৰিছিল৷ যাৰ বাবে শিশুবোৰৰ মাজত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থকা বুলিও মত ব্যক্ত কৰিছিল৷ ৰিভল্টে উল্লেখ মতে বৰ্নভিটা কোম্পানীৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে৷ অৱশ্যে ভিডিঅ’টো ডিলিট কৰি দিয়া হয় আৰু এই সমস্ত অভিযোগ অস্বীকাৰ কৰিছে সংস্থাটোৱে৷