ভাৰতত নকল ঔষধ পয়োভৰ ঘটাটো কোনো নতুন কথা নহয়৷ মাজে-সময়ে এনেধৰণৰ খবৰ শুনা যায়৷ আনহাতে ভাৰতত উৎপাদিত ঔষধত বিভিন্ন অস্বাস্থ্যকৰ পদাৰ্থ বা ৰাসায়নিকৰ উপস্থিতিও বহুবাৰ ধৰা পৰিছে৷ কেইমানমাহ আগেয়ে ভাৰতত প্ৰস্তত হোৱা কাহৰ দৰবক লৈ স্বাস্থ্য সংস্থাই সতৰ্কতা জাৰি কৰিছিল৷ বিশ্ব স্বাস্থ্য সংস্থাই পুনৰবাৰ ভাৰতত প্ৰস্তুত কৰা আন এটা কফ ছিৰাপক ব্যৱহাৰৰ অনুপযোগী বুলি চিনাক্ত কৰিছে৷ গুইয়াফেনেছিন নামৰ এই কফ ছিৰাপবিধ ব্যৱহাৰৰ অনুপযোগী বুলি সতৰ্কতা জাৰি কৰিছে সংস্থাটোৱে৷ জানিব পৰা মতে, পঞ্জাবৰ কিউপি ফাৰ্মেকেম লিমিটেড নামৰ কোম্পানীটোৱে এই ছিৰাপবিধ প্ৰস্তুত কৰে আৰু ইয়াৰ বিতৰক হ’ল হাৰিয়ানাৰ ত্ৰিলিয়ম ফাৰ্মা নামৰ এটা কোম্পানী৷ কাহ আৰু কফৰ পৰা সকাহ পোৱাৰ উদ্দেশ্যে বৱহাৰ কৰা এই ছিৰাপবিধ পৰীক্ষা কৰাৰ পাছত ইয়াত অত্যধিক পৰিমাণৰ ডাইইথিলিন গ্লাইক’ল আৰু ইথিলিন গ্লাইক’ল থকা বুলি গৱেষকে সদৰী কৰিছে, যি মানৱ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ ভাৰতত উৎপাদিত গম্বিয়া আৰু উজবেকিস্তানত ব্যৱহাৰ হোৱা ভাৰতীয় কফ ছিৰাপৰ পাছত এইটো হ’ল বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কতা জাৰি কৰা তৃতীয়টো কফ ছিৰাপ৷ ইতিমধ্যে এই কফ ছিৰাপৰ যোগনৰ ওপৰত চকু ৰাখিবলৈ সংস্থাটোৱে নিৰ্দেশ জাৰি কৰিছে৷