যদিহে আপুনি আপোনাৰ গাড়ীখন মুকলিত একেবাৰে ১২ ঘণ্টা ৰাখি থৈছে আৰু তাৰ ওপৰত চালি বা ঢাকি ৰখাৰ কোনো ব্যৱস্থা ৰখা নাই, তেন্তে তেনে গাড়ী চলালে আপোনাৰ শৰীৰত কেঞ্চাৰৰ সৃষ্টি কৰিব পৰা কণা বিয়পিব পাৰে৷ এই কথা প্ৰকাশ পাইছে আমেৰিকা আৰু চীনৰ বিজ্ঞানীসকলে কৰা এটা অধ্যয়নৰ পৰা৷ বিজ্ঞানীসকলৰ মতে ডিচইনফেক্টেণ্ট, কীটনাশক, আৰু গেছ ষ্টভত পোৱা ফৰ্মেলডিহাইড গাড়ীতো পোৱা যায়৷ চীনৰ গাড়ীৰ ভিতৰত ফৰ্মেলডিহাইডৰ মাত্ৰা ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্ধাৰণ কৰা মাত্ৰাতকৈ ৩৫ শতাংশ অধিক পোৱা গৈছে৷ এচিটলডিহাইডৰ মাত্ৰা ৬১ শতাংশৰ অধিক পোৱা গৈছে৷ এই এচিটলডিহাইডে কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰে৷ পেইণ্ট, পেট্ৰল আৰু চিগাৰেটত বেনজিন পোৱা যায়৷ যি চালকৰ হাঁওফাঁওত প্ৰৱেশ কৰি ক্ষতিসাধন কৰিব পাৰে৷ যদিহে দীঘলীয়া সময়ৰ বাবে গাড়ী চলোৱা হয়, তেতিয়া শৰীৰত বেনজিনে ক্ষতি কৰিব পাৰে৷ অৱশ্যে পাছৰ ছীটৰ বহাসকলৰ সিমান ক্ষতি নকৰে৷ প্ৰতিখন নতুন গাড়ীতে বিভিন্ন ধৰণৰ জৈৱিক পদাৰ্থ থকাৰ ফলত ইনক্ৰিমেণ্টেল লাইফ টাইম কেঞ্চাৰ ৰিস্ক বৃদ্ধি পায়৷ যদিহে আই এল চি আৰৰ মাত্ৰা ১০-৬ ৰ পৰা ১০-৪১ ভিতৰত থাকে, তেতিয়া কেঞ্চাৰৰ আশংকা বৃদ্ধি পায়৷ বিজ্ঞানীসকলে প্ৰখৰ ৰ’দ বা বৰষুণত বাহিৰত বন্ধ কৰি ৰখা গাড়ীক লৈ এই পৰীক্ষাটো কৰিছিল৷ অধ্যয়নটোৰ পৰা জানিব পৰা মতে যদিহে কোনো এজন চালকে প্ৰতি ১১ ঘণ্টা বা এজন যাত্ৰীয়ে ডেৰ ঘণ্টা গাড়ীত পাৰ কৰে, তেতিয়া বতাহত থকা অতি বিপজ্জনক কণিকা ছাল বা মুখেৰে শৰীৰত ভিতৰত প্ৰৱেশ কৰিব পাৰে৷ গাডীত সাধাৰণতে প্লাষ্টিক, ইমিটেশ্যন লেডাৰ আদি কাপোৰ লগোৱা হয়৷ নতুন গাড়ীৰ ভিতৰত বতাহত ওপঙি থকা বিষাক্ত পদাৰ্থৰ মাত্ৰা অধিক হয়৷ বিজ্ঞানীসকলে গাড়ীৰ ভিতৰত বায়ুৰ নমুনা পৰীক্ষা কৰি ইয়াত ২০বিধ ৰাসায়নিকৰ মিশ্ৰণ দেখা পাইছিল৷ আনহাতে গৱেশখসকলে প্ৰকাশ কৰা অনুসৰি নতুন গাড়ী ২০ মিনিট চলালে বেনজিন আৰু ফৰ্মেলডিহাইড অধিক মাত্ৰাত পোৱা যায়৷ সেয়ে নতুন গাড়ী দীঘলীয়া যাত্ৰাত অধিক সময় চলালে শৰীৰত ক্ষতি কৰাৰ সম্ভাৱনাও অধিক বৃদ্ধি পায়৷