নদ-নদীৰ সংখ্যাৰ অধিক বাবে ভাৰতবৰ্ষক নদীমাতৃৰ দেশ বুলি কোৱা হয়৷ আগৰ দিনততো এই নদী-জান-জুৰিৰ পৰাই পানী আহৰণ কৰি নাগৰিকে জীৱন নিৰ্বাহ কৰিছিল৷ আনহাতে পানীয়েই যিহেতু প্ৰাণীৰ প্ৰাণ বুলি গণ্য কৰা হয় সেয়ে ৰাইজে এইবোৰৰ পানী সেৱন কৰিছিল৷ সেই অনুসৰি ইয়াৰ পৰা আহৰণ কৰা পানী আছিল বিশুদ্ধ আৰু খোৱাৰ উপযোগী৷ কিন্তু সম্প্ৰতি এই নদীবোৰৰ পানী খোৱাটো দূৰৰে কথা, সাধাৰণ কামতো ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ দেশৰ প্ৰায়ভাগ নদীয়েই এতিয়া ভয়াৱহভাৱে প্ৰদূষিত৷ ইয়াৰ কাৰণ কেইবাটাও যদিও দেশৰ প্ৰায়ভাগ নদীৰ কাষতে বিভিন্ন কল-কাৰখানা স্থাপনৰ ফলত ইয়াৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক পদাৰ্থ, বৰ্জিত আৱৰ্জনা, প্লাষ্টিকজাত সামগ্ৰী আদি সকলো নদীত পোলোৱাৰ ফলতে ভয়ানকভাৱে প্ৰদূষিত হৈছে দেশৰ লগতে ৰাজ্যৰ নদীসমূহ৷ দেশৰ সকলো নদীতে সুবিধা লৈ এইদৰে বিষাক্ত পদাৰ্থ পেলোৱাৰ ফলত পানীৰ বিশুদ্ধতা নাইকিয়া হৈ প্ৰদূষিত হৈ পৰিছে৷ এই নদীবোৰৰ প্ৰায় আশী শতাংশই এতিয়া ব্যৱহাৰযোগ্য হৈ থকা নাই৷ এই কথা প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে দেশৰ ৩৬খন ৰাজ্যৰ ৩১ খন নদীৰ পানী পৰীক্ষা কৰি এই আটাইবোৰ নদীৰে পানী ভয়াৱহভাৱে প্ৰদূষিত বুলি সদৰী কৰিছে৷ ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, দিল্লী, হাৰিয়ানা, পঞ্জাব, জম্মু কাশ্মীৰ আদি ৰাজ্যৰ মাজেৰে বৈ যোৱা নদীসমূহ আছে৷ আনহাতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এই প্ৰতিবেদনখনত কোৱা হৈছে যে দেশৰ সৰ্বমুঠ ১৪৫খন নদীৰ পৰীক্ষা কৰি ৩১খন নদীৰ পানী ব্যৱহাৰৰ অনুপযোগী বুলি জানিবলৈ দিছে৷ এই ৩১খন নদীৰ পানীত প্ৰতিলিটাৰ পানীত বিষাক্ত দ্ৰব্য ৩০ মিলিগ্ৰাম মিহলি হৈ থকাৰ তথ্য লাভ কৰে৷ সময় থাকোঁতেই এইদৰে প্ৰদূষিত নদীবোৰত হোৱা প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা নল’লে জনসাধাৰণৰ অৱস্থা দুৰ্বিষহ হৈ পৰিব৷