বিশ্বত বিভিন্ন দেশে এতিয়া চন্দ্ৰ অভিযানত গুৰুত্ব আৰোপ কৰিছে৷ এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই চীনেও৷ চীনে ইটোৰ পাছত সিটো চন্দ্ৰ অভিযান চলাই গৈছে৷ চীনে আনকি চন্দ্ৰপৃষ্ঠত বসতিস্থলৰ কথাও চিন্তা কৰিছে৷ শেহতীয়াভাৱে পোৱা খবৰ মতে দেশখনে জোনবাইৰ বুকুত স্থায়ী বসতিস্থল স্থাপন কৰাৰ দিশত আগবাঢ়িছে৷ ইয়াৰ বাবে প্ৰয়োজন হোৱা ইটাৰ নিৰ্মাণ তথা পৰীক্ষা কৰা হৈছে৷ আনহাতে এই ইটা নিৰ্মাণ কৰা হৈছে চন্দ্ৰৰ মাটিৰে৷ চাইনা ছায়েন্স ডেইলিয়ে এই বাতৰি প্ৰকাশ কৰিছে৷ চীনৰ বুহানত হোৱা এখন সন্মিলনত চন্দ্ৰপৃষ্ঠত পোৱা পদাৰ্থ ব্যৱহাৰ কৰি থ্ৰী ডি প্ৰিণ্টিং ইটা তৈয়াৰ কৰা হৈছে৷ চীনত চেঞ্জ-৮ অভিযানৰ সময়ত এই পদক্ষেপ গ্ৰহণ কৰা হ’ব পাৰে৷ এই যানখনে ২০২৮ চনত চন্দ্ৰত অৱতৰণ কৰিব৷ এই অভিযানত স্থায়ী বসতিস্থল স্থাপনৰ বাবে চন্দ্ৰপৃষ্ঠ কিমান উপযোগী, সেই কথাও পৰীক্ষা কৰি চোৱাৰ সম্ভাৱনা আছে৷