পদপথৰ কুকুৰৰ ত্ৰাসক লৈ কেন্দ্ৰই কি নিৰ্দেশনা দিলে ?

0
1035


দেশৰ বিভিন্ন প্ৰান্তত পদপথ, ৰাস্তাই-ঘাটে ঘূৰি ফুৰা কুকুৰবোৰৰ কাৰণে বিভিন্ন সৰু-বৰ ঘটনা ঘটাৰ বাতৰি পোৱা যায়৷ শিশুৰ পৰা বৃদ্ধালৈকে এই বাটে-ঘাটে ঘূৰি ফুৰা কুকুৰবোৰে আক্ৰমণ কৰা ঘটনা ঘটি আহিছে আৰু এনে দুৰ্ঘটনা ক্ৰমে বাঢ়িবলৈ লৈছে৷ এই সমস্যা নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাস্তাই ঘাটে অঘৰী জীৱন কটোৱা কুকুৰক লৈ কিছু নিৰ্দেশনা জাৰি কৰিছে৷ এই কুকুৰবোৰৰ অত্যাচাৰ কমাবলৈ স্থানীয় প্ৰশাসনে যাতে কিছুমান বিধি আৰোপ কৰে তাৰ বাবে কেন্দ্ৰই পদক্ষেপ লৈছে৷ এই ক্ষেত্ৰত কুকুৰৰ জন্ম নিয়ন্ত্ৰণ বিধিৰ কথাও চিন্তা কৰা হৈছে৷ কেন্দ্ৰৰ এই নিৰ্দেশনাত কোৱা হৈছে যে স্থানীয় পৌৰসভাই এনিমেল বাৰ্থ কণ্ট্ৰল প্ৰগ্ৰাম আৰু এণ্টি ৰেবিজ প্ৰগ্ৰামৰ সৈতে যৌথভাৱে কাম কৰিব৷ কেন্দ্ৰীয় প্ৰাণীসম্পদ মন্ত্ৰ্যালয়ৰ এক নিৰ্দেশনাত এই কথা কোৱা হৈছে৷ উল্লেখ্য যে ২০২৩ চনত পশু জন্ম নিয়ন্ত্ৰণ বিধি উচ্চতম ন্যায়ালয়ৰ আদেশ অনুসৰি জাৰি কৰা হৈছে৷ যাতে বাটে-ঘাটে থকা পশু-পক্ষীৰ বিপদ-বিপত্তি নহয়৷ সেই দিশত গুৰুত্ব দিয়া হৈছে৷ ইয়াৰ আগেয়ে ৰাস্তাত ঘূৰা কুকুৰক লৈ বহুবাৰ আদালতত গোচৰ উঠিছে৷ তাৰ ভিতৰত হায়দৰাবাদত শিশুৰ মৃত্যু, আলিগড়ত বৃদ্ধক পদপথৰ কুকুৰে কামোৰা, ছট্টিশগড়ত কুকুৰৰ শিশুৰ ওপৰত আক্ৰমণ আদি ঘটনাই দেশত তোলপাৰ লাগিছিল৷ এনে পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে পদপথৰ কুকুৰক ৰেবিজৰ দৰে ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰই চিন্তা কৰিছে৷ উল্লেখ্য যে কিছুমান নিৰ্দিষ্ট সংস্থা, যিয়ে জন্ম নিয়ন্ত্ৰণৰ কাম কৰিব, তেনে সংস্থা বা সংগঠনৰ দ্বাৰাই কুকুৰৰ জন্ম নিয়ন্ত্ৰণৰ পদক্ষেপ লোৱা ল’ব৷ কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে পঞ্চায়ত বা পৌৰসভালৈ এই নিৰ্দেশ দিয়া হৈছে৷ নিৰ্দেশনাত কোৱা হৈছে যে কেৱল এনিমেল ৱেলফেয়াৰ সংস্থাৰ নিৰ্দিষ্ট কৰা সংস্থাই এই নিৰ্বীজকৰণ বা জন্ম নিয়ন্ত্ৰণ সংক্ৰান্তীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰিব৷ ইয়াৰ বাহিৰে কোনো স্বেচ্ছাসেৱী সংস্থাই এই কাম কৰিব নোৱাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here