গৱেষণাত প্ৰকাশ : গ্ৰীষ্ম প্ৰবাহৰ বাবে ৯০ শতাংশ ভাৰতীয় অধিক স্পৰ্শকাতৰ

0
839

কেমব্ৰিজ ইউনিভাৰছিটিয়ে চলোৱা এক গৱেষণাৰ পৰা জনা গৈছে যে ২০২২ চনত জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰাণঘাতী গ্ৰীষ্ম প্ৰবাহৰ কাৰণে প্ৰায় ৯০ শতাংশ ভাৰতীয় খাদ্যৰ নাটনি, মৃত্যুৰ বৰ্ধিত বিপদ আৰু জনস্বাস্থ্য সমস্যাৰ দৰে আপদবোৰৰ প্ৰতি অধিক স্পৰ্শকাতৰ হৈ পৰিছিল৷ ভাৰতৰ ভালেমান অংশত বৰ্ধিত উষ্ণতাই ইতিমধ্যে স্বাভাৱিক জীৱন একপ্ৰকাৰ ব্যাহত কৰাৰ সময়তে ‘প্লট ক্লাইমেট’ নামৰ আলোচনীখনত এই অধ্যয়নৰ প্ৰতিবেদন প্ৰকাশ পায়৷ অধ্যয়নটোত আঙুলিয়াই দিয়া হৈছে যে জলবায়ুৰ স্পৰ্শকাতৰতা জুখিবলৈ আৰু খাব খাই চলিবৰ বাবে পৰিকল্পনা কৰিবলৈ এটা নেশ্যনেল ক্লাইমেট ভালনাৰেবিলিটি ইণ্ডিকেটৰ ব্যৱহাৰ কৰে৷ কিন্তু এই ব্যৱস্থাত গ্ৰীষ্ম প্ৰবাহৰ ৰেকাৰিং প্ৰভাৱ জুখিবলৈ হিট ইনডেক্স অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয় আৰু হিট ইনডেক্স  অন্তৰ্ভুক্ত কৰা এইটোৱেই প্ৰথম অধ্যয়ন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here