ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বত নিয়মীয়া টিকাকৰণৰ পৰা বঞ্চিত ৬.৭০ কোটি শিশু

0
425


বিশ্বত কভিড মহামাৰীয়ে সৃষ্টি কৰা আন এক উদ্বেগৰ কথা শেহতীয়াভাৱে প্ৰকাশ পাইছে৷ ৰাষ্ট্ৰসংঘই শেহতীয়াভাৱে চলোৱা এক সমীক্ষাত কোৱা হৈছে যে কভিড-১৯ মহামাৰীৰ কাৰণে ঘোষণা কৰা লকডাউন আৰু স্বাস্থ্যসন্মত বিধিৰ বাবে ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত সমগ্ৰ পৃথিৱীত ৬ কোটি ৭০০ লাখ শিশু আশিংকভাৱে বা সম্পূৰ্ণভাৱে নিয়মীয়া টিকাকৰণৰ পৰা বঞ্চিত হৈছে৷ ৰাষ্ট্ৰসংঘৰ শিশু কল্যাণ সংস্থা ইউনিচেফৰ এখন প্ৰতিবেদনত কোৱা হৈছে যে শিশুৰ নিয়মীয়া টিকাকৰণৰ ক্ষেত্ৰত এক দশকৰো অধিক কালৰ কষ্টোপাৰ্জিত সুফল ক্ষয়প্ৰাপ্তি হ’ল আৰু আগৰ অৱস্থালৈ ঘূৰি যোৱাটো প্ৰত্যাহবানমূলক হ’ব৷ ইউনিচেফে লগতে উল্লেখ কৰে যে টিকাকৰণ গুৰুতৰভাৱে ব্যাহত হোৱা ৬.৭০ কোটি শিশুৰ ভিতৰত ৪.৭০ কোটি শিশুৱে নিয়মীয়া ভেকচিন বা টিকা একেবাৰেই নাপালে৷ এই শিশুসকলৰ পলিঅ’ বা সৰু আই হোৱাৰ আশংকা থকাৰ কথাটোত ইউনিচেফে উদ্বিগ্ন হৈ আছে৷ আনহাতে সংস্থাটোৱে জানোৱা মতে ১২ খন দেশৰ শিশুসকলৰ টিকাকৰণ হ্ৰাস পায় আৰু টিকা দিয়া শিশুৰ শতাংশ বিশ্বত ৫ পইণ্ট কমি ৮১ শতাংশ হয়৷ উল্লেখ্য যে বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে নিয়মীয়া টিকাকৰণে প্ৰতিবছৰে ৪৪ লাখৰ প্ৰাণ ৰক্ষা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here