তিমিৰ সুমধুৰ গান শুনিছেনে?তিমিয়ে কিদৰে আচৰণ কৰে?

0
1267


তিমিক বিশ্বৰ বৃহত্তম স্তন্যপায়ী হিচাপে ধৰা হয়৷ তিমি মাছৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাণী নীল তিমি, কিলাৰ হোৱেল তথা পাইলট তিমি প্ৰধানকৈ দেখা যায়৷ জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ প্ৰয়োজনত প্ৰজাতিভেদে ইহঁতক ডলফিন হিচাপেও গণ্য কৰা হয়৷ বহু শতাব্দী ধৰি মানুহে ইয়াৰ মাংস, তেল আৰু অন্যান্য কেঁচামালৰ প্ৰয়োজনত তিমি চিকাৰ কৰি আহিছে৷ বিংশ শতাব্দীত ব্যাপক নিধন যজ্ঞৰ ফলত তিমি বহু প্ৰজাতি গভীৰভাৱে বিপন্ন হৈ পৰিছে৷ সাধাৰণতে তিমি মাছক চিকাৰী প্ৰাণীৰ অন্তৰ্ভুক্ত কৰা হয়৷ ইয়াৰ খাদ্যৰ ভিতৰত আণুবাক্ষনিক প্লাংকটনৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ মাছ তথা জলজ প্ৰাণী পৰে৷ এটা তিমিক দৈনিক প্ৰায় তিনিৰ পৰা চাৰি হাজাৰ কেজি সৰু চিংডিজাতীয় মাছৰ প্ৰয়োজন হয়৷ স্তন্যপায়ী হোৱা হেতুকে তিমিৰ নিঃশ্বাস লোৱাৰ বাবে অক্সিজেনৰ দৰকাৰ হয়৷ সেই সময়ত তিমি পানীৰ ওপৰলৈ উঠি আহে৷ এই নিঃশ্বাস প্ৰক্ৰিয়া তাৰ সুবিশাল নাসাৰন্ধ্ৰৰ মাধ্যমেৰে সম্পন্ন কৰে৷ বিভিন্ন সময়ত তিমি মাছে পানীৰ ওপৰলৈ উঠি আহি তাৰ ফিচাৰ সহায়ত পানীত আঘাত কৰি জলক্ৰিয়া কৰাও দেখা যায়৷ ইহঁতৰ পাৰিপাশ্বিৰ্ক কাৰণত শ্বাস-প্ৰশ্বাস লোৱাৰ প্ৰক্ৰিয়া আন প্ৰাণীতকৈ ভিন্ন৷ কেতিয়া শ্বাস-প্ৰশ্বাস ল’ব সেইটো তিমিয়ে নিজেই ঠিক কৰে৷ সকলো স্তন্যপায়ী প্ৰাণীৰ দৰে তিমিয়েও টোপনি মাৰে৷ কিন্তু খুব বেছি সময়ৰ বাবে পৰিপূৰ্ণ নিদ্ৰাসুখ তিমিয়ে উপভোগ নকৰে৷ যিহেতুসিহঁতৰ শ্বাস-প্ৰশ্বাস লোৱাৰ বাবে সঘনাই পানীৰ ওপৰলৈ উঠিব লগা হয়৷ ধাৰণা কৰা হয় যে তিমিৰ মস্তিষ্কৰ দুটা অংশই পৰ্যায়ক্ৰমে জিৰণি লয়৷ সেয়ে তিমিয়ে সম্পূৰ্ণ টোপনি নাযায়৷ তিমিয়ে তাৰ চাহিদা অনুসৰি পৰ্যাপ্ত পৰিমাণে টোপনি মাৰে৷ আনহাতে টোপনি যাওঁতে তিমিৰ এটা চকু খোল খাই থাকে৷ আনহাতে তিমিয়ে পৰস্পৰৰ সৈতে যোগাযোগ কৰিবলৈ বা মিলিবলৈ একধৰণৰ সুবলা শব্দৰ সৃষ্টি কৰে৷ যাক তিমি মাছৰ গান বুলি পৰিচিত৷ প্ৰজাতিভেদে তিমিৰ বিশালতা তথা শক্তিমত্ততাৰ ওপৰত ভিত্তি কৰি এই গানো ভিন্ন সুৰৰ হয়৷ স্পাৰ্ম তিমিৰ গান মৃদু গুঞ্জনৰ দৰে শুনি৷ দাঁতযুক্ত সকলো চিকাৰী তিমিয়ে শব্দ যোগাযোগ ব্যৱহাৰ কৰে, যাতে বহু মাইল দূৰত থাকিলেও সংগীয়ে তাৰ শব্দ শুনা পায়৷ জানিব পৰা মতে তিমিয়ে ১৬০ ডেচিবল শব্দ তীব্ৰতাত ২০,০০০ একুষ্টিক ৱাটৰ শব্দৰ সৃষ্টি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here