সাগৰৰ উপকূলীয় অঞ্চলতমাংসহাৰী বেক্টেৰিয়া বৃদ্ধি

0
224

জলবায়ু পৰিৱৰ্তনৰ ফল সমগ্ৰ বিশ্বই ভোগ কৰিবলগীয়া হৈছে৷ ইয়াৰ ফলত বিশ্বত বিভিন্ন পৰিৱৰ্তন লক্ষ্য কৰা হৈছে৷ এনে কিছুমান সৰু তথা লেহেমীয়া পৰিৱৰ্তন হৈছে, যি আমাৰ চকুত সহজে ধৰা নপৰে৷ শেহতীয়াভাৱে কৰা এক গৱেষণাই তেনে এক প্ৰৱৰ্তনৰ তথ্য পোহৰলৈ আহিছে৷ গৱেষকসকলে জানিব পৰা মতে পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ফলত সাগৰৰ পানীও গৰম হ’বলৈ ধৰিছে আৰু উপকূলীয় অঞ্চলত মাংসহাৰী বেক্টেৰিয়াৰ বিস্তাৰ ঘটিছে৷ এই বিপজ্জনক বেক্টেৰিয়াই মানৱ জাতিৰ বাবে গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে বুলিও কোৱা হৈছে৷ আন্তঃৰাষ্ট্ৰীয়
 গৱেষকৰ দল এটাই কৰা গৱেষণাত এই তথ্য পোহৰলৈ আহিছে৷ এই বেক্টেৰিয়াবোৰে ভাল বতৰতো মানুহক ৰুগীয়া কৰিব পাৰে৷ গৱেষণাত সাগৰৰ পানীত ভিব্ৰিঅ’ ভালনিফিকাছ নামৰ এবিধ বেক্টেৰিয়া পোৱা গৈছে৷ কোনো ব্যক্তিয়ে কেঁচা বা আধা সিজোৱা সামুদ্ৰিক খাদ্য খালে তেওঁৰ দেহলৈ এই বেক্টেৰিয়া ব্যক্তিজনৰ গালৈ সংক্ৰমিত হ’ব পাৰে৷ ইয়াৰ লগতে শৰীৰত থকা ঘাৰ সংস্পৰ্শলৈ আহিলেও প্ৰাণঘাতক বেক্টেৰিয়েল ইনফেকশ্যন নেক্ৰ’টাইজিং ফাচিছাইটিক বিয়পি পৰিব পাৰে৷ গৱেষণাটোৰ পৰা জানিব পৰা মতে মেক্সিকো উপসাগৰৰ উপকূলীয় অঞ্চলৰ লগতে জৰ্জিয়া আৰু ফ্লৰিডাৰ আটলাণ্টিক উপকূলত এই বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ আমেৰিকাৰ পূব উপকূলতো এই বেক্টেৰিয়াই যথেষ্ট বিস্তাৰ লাভ কৰিছে৷ বিজ্ঞানীয়ে এইবুলি সতৰ্ক কৰি দিছে যে ২০৮০ চনলৈ পূব আমেৰিকাৰ প্ৰতিখন ৰাজ্যতে এই বেক্টেৰিয়াৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে ভৱিষ্যতে এইদৰে বৃদ্ধি পোৱা বেক্টেৰিয়াই মানৱ জাতিলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি অনুমান কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here