বিশ্বৰ তাপমাত্ৰা বৃদ্ধিক লৈ বতৰ বিজ্ঞানীসকল উদ্বিগ্ন হৈ পৰিছে৷ বিশ্বৰ তাপমাত্ৰা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তনে ইতিমধ্যে জনসাধাৰণক জলা-কলা খুৱাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ প্ৰমাণ হিচাপে ভাৰতত এপ্ৰিল মাহতে সৰ্বোচ্চ তাপমাত্ৰাই অভিলেখৰ সৃষ্টি কৰিছে৷ এনে অৱস্থাত বিশ্বৰ তাপমাত্ৰা তথা প্ৰদূষণৰ মাত্ৰা কেনেকৈ হ্ৰাস কৰিব পাৰি, সেই বিষয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিন্তা-চৰ্চা অব্যাহত আছে৷ আনহাতে শেহতীয়াভাৱে প্ৰকাশিত আন এক তথ্যই উন্নত দেশবোৰৰ প্ৰকৃত স্বৰূপ মুকলিকৈয়ে প্ৰকাশ পাইছে৷ গৱেষকসকলে কৰা এক অধ্যয়নৰ পৰা জানিব পৰা মতে বনাঞ্চল ধবংসত আটাইতকৈ বেছি অৰিহণা যোগাইছে উন্নত দেশবোৰে৷ অধ্যয়নটোৰ পৰা জানিব পৰা মতে জাৰ্মানী আৰু ব্ৰিটেইনে কেঁচামালৰ লালসাত সৰ্বাধিক বন ধবংস কৰে৷ বনাঞ্চল ধবংসৰ এই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে৷ ভিয়েনা ইউনিভাৰছিটি অব ইকনমিক্স এণ্ড বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ মতে ব্ৰিটেইন আৰু জাৰ্মানীয়ে খনিজ আৰু কয়লা খননৰ বাবে সৰ্বাধিক বনাঞ্চল ধবংস কৰে৷ এই গৱেষণাটোত নেতৃত্ব দিছিল ৱল্ডৰ্ ৱাইড ফাণ্ড ফৰ নেচাৰৰ তবিয়াছ কিণ্ড ৰিপাৰে৷ তেওঁ জানিবলৈ দিয়া মতে ব্ৰিটেইন আৰু জাৰ্মানী মিলি ইউৰোপৰ ৩৮ শতাংশ বন ধবংস কৰে৷ আনহাতে বিশ্বৰ বিভিন্ন দেশে কেঁচামালৰ খননৰ কাৰণে বনাঞ্চল ধবংস কৰি আহিছে৷ ইণ্ডোনেছিয়া, ব্ৰাজিল, ৰাছিয়াকে ধৰি বিশ্বৰ দহখন দেশে খনিজজাত সামগ্ৰী খননৰ বাবে ৮০ শতাংশ বনাঞ্চল ধবংস কৰি আহিছে৷ এইক্ষেত্ৰত আমেৰিকায়ো পিছপৰি থকা নাই৷ আমেৰিকাই ১২ শতাংশ বনাঞ্চল উদং কৰিছে খনিজজাত তথা কেঁচামাল খননৰ বাবে৷ মুঠতে এইদৰে প্ৰতিখন দেশে বছৰি কেইবা কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰি আহিছে৷ এই কাৰ্য অব্যাহত থাকিলে সমগ্ৰ বিশ্বতে ইয়াৰ সাংঘাতিক প্ৰভাৱ পৰিব আৰু বিশ্বই ইয়াৰ ফলৰ সন্মুখীন হ’ব লাগিব৷