চীনক চেৰ পেলাই বিশ্বৰ আটাইতকৈ জনবহুল দেশত পৰিণত হ’ল ভাৰতবৰ্ষ৷ ৰাষ্ট্ৰসংঘৰ শেহতীয়া তথ্য মতে ভাৰতৰ জনসংখ্যা বৰ্তমান ১৪২.৮৬ কোটি আৰু চীনৰ জনসংখ্যা ১৪২.৫৭ কোটি৷ এতিয়া বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ তালিকাত ভাৰতে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে চীনে দ্বিতীয় স্থানলৈ অৱনমিত হ’ল৷ ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পঁুজিৰ এখন নতুন প্ৰতিবেদন মতে ভাৰতৰ জনসংখ্যাৰ ২৫ শতাংশৰ বয়স ০-১৪ বছৰ, ১৮ শতাংশৰ বয়স ১০-১৯ বছৰ, ২৬ শতাংশৰ বয়স ১০-২৪ বছৰ, ৬৮ শতাংশ বয়স ১৫-৬৪ বছৰৰ ভিতৰৰ আৰু ৭ শতাংশৰ বয়স ৬৫ বছৰৰ ঊধবৰ্ৰ৷ উল্লেখ্য যে ভাৰতৰ জনবসতি ৰাজ্যভেদে বেলেগ বেলেগ৷ বিশেষজ্ঞসকলে কয় যে কেৰালা আৰু পঞ্জাবত বয়সস্ক লোকৰ জনসংখ্যা বেছি৷ আনহাতে বিহাৰ আৰু উত্তৰ প্ৰদেশত কম বয়সীয়া লোকৰ সংখ্যা অধিক৷ উল্লেখ্য যে ইউ এন এফ পি এৰ ২০২২ চনৰ প্ৰতিবেদন মতে ভাৰতৰ জনসংখ্যা আছিল ১৪০৬.৬ মিলিয়ন অৰ্থাৎ ১৪৪ কোটি ৬৬ লাখ৷ এইবছৰ এই সংখ্যা ১.৫৬ শতাংশলৈ বাঢ়িল৷ আনহাতে বিশ্বৰ তৃতীয়খন জনবহুল দেশ হ’ল আমেৰিকা৷ আমেৰিকাৰ জনসংখ্যা প্ৰায় ৩৩.৫০ কোটি৷