সজাত বন্দী কৰি ৰখা অৱস্থাত জন্ম হোৱা চৰাইৰ জীৱন স্বাভাৱিক নহয়৷ গৱেষকসকলে এই কথা প্ৰকাশ কৰিছে৷ ইক’লজী লেটাৰ্ছ নামৰ এখন বাৰ্তালোচনীত প্ৰকাশ পোৱা এটা অধ্যয়নৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ প্ৰতিবেদনখনত গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি সজাত জন্ম হোৱা চৰাইৰ পাখিৰ আকাৰ সলনি হৈ পৰে, ঠেং দুটা চুটি হৈ পৰে আৰু ইয়াৰ লগতে দুখ-কষ্ট সহিব পৰা ক্ষমতাও বহুখিনি হেৰুৱাই পেলায়৷ গৱেষক ড॰ ডিজান ষ্টয়ান’ভিচে কয় যে প্ৰজাতিসমূহ সংৰক্ষণৰ কাৰণে সজাত বংশ বৃদ্ধিৰ কাৰণে প্ৰজনন এক গুৰুত্বপূৰ্ণ উপায়, কিন্তু ইয়াৰ ফলত চৰাইৰ শাৰীৰিক আকাৰ আৰু গঠনত প্ৰভাৱ পৰিব পাৰে৷ গৱেষকসকলে অধ্যয়ন কৰা চৰাইবোৰৰ ভিতৰত সুমথিৰা ৰঙৰ পেটৰ ভাটৌও আছিল৷ অষ্ট্ৰেলিয়াত এই প্ৰজাতিৰ ভাটৌক সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰতি বছৰে নিৰ্দিষ্ট সংখ্যক ভটৌক মুকলি কৰি দিয়া হয়৷ ড॰ ডিজান ষ্টয়ান’ভিচৰ মতে, প্ৰথমে তেওঁলোকে এই প্ৰজাতিৰ ভাটৌৰ ভৰিৰ আকাৰ সলনি হোৱা দেখা পাইছিল৷ ইয়াৰ ফলত সিহঁতে বহু দূৰলৈ উৰিব পৰা নাছিল৷ কিন্তু তেওঁলোকে শেহতীয়াকৈ কৰা অধ্যয়নৰ পৰা এই কথা পোনপটীয়াকৈ জানিব পাৰিলে যে বন্দী কৰি ৰখা চৰাইৰ ঠেং সৰু হৈ পৰে আৰু ইয়াৰ ফলত হাবিত এৰি দিয়া চৰাইবোৰে পৰিভ্ৰমণৰ সময়ত দীঘলীয়া সময়ৰ বাবে উৰিব নোৱাৰে৷ তেওঁলোকে হাবিত জন্ম হোৱা এই প্ৰজাতিৰ ভাটৌৰ ঠেঙতকৈ সজাত জন্ম হোৱা ভাটৌৰ ঠেং প্ৰায় ২.৭ গুণ সৰু হোৱা বুলি জানিব পাৰিছে৷