অসমত পাৰাস্তম্ভ ঊৰ্ধবমুখীস্বাভাৱিকতকৈ ৬ ডিগ্ৰী উষ্ণতা বৃদ্ধি

0
274

জলবায়ু পৰিৱৰ্তনে দেশ তথা ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ গ্ৰীষ্মকাল সোমাইছে মাত্ৰ, দেশ তথা ৰাজ্যত এপ্ৰিল মাহৰ পৰাই আৰম্ভ হৈছে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ৷ উৎকট গৰমে দহিছে ৰাজ্যবাসীক৷ সূৰ্যৰ প্ৰখৰ ৰ’দত বাহিৰলৈ ওলাব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিহুৰ এইকেইদিনত অসমৰ তাপমান স্বাভাৱিক উষ্ণতাতকৈ প্ৰায় ছয় ডিগ্ৰী বৃদ্ধি পাইছে৷ হঠাতে আৰম্ভ হোৱা এনে গ্ৰীষ্মপ্ৰবাহৰ ফলত জনসাধাৰণ নানা সমস্যাৰ সন্মুখীন হৈছে৷ অসমৰ লগতে দেশৰ আন আন ৰাজ্যসমূহতো একেই পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ প্ৰখৰ গ্ৰীষ্মপ্ৰবাহৰ পৰা বাচিবলৈ কোনো কোনো ৰাজ্যত চৰকাৰে স্কুলসমূহৰ বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছে৷ আনহাতে অসমত দৈনিক পাৰাস্তম্ভ ক্ৰমে ঊৰ্ধবমুখীৰ দিশে গতি কৰিছে৷ বিহুৰ বতৰত প্ৰতিদিনেই গৰমৰ প্ৰকোপ বৃদ্ধি হৈ থকাত বিহুৰ আনন্দকে ম্লান কৰিছে৷ বিগত বছৰৰ তুলনাত ৰাজ্যত স্বাভাৱিক উষ্ণতাতকৈ প্ৰায় ৫-৬ গুণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বতৰৰ অপৰিৱৰ্তিত থাকিলে পৰৱৰ্তী দিনত গৰমৰ উষ্ণতা ৪০ ডিগ্ৰী অতিক্ৰম কৰাৰ সম্ভাৱনা আছে৷ আনহাতে পৰৱৰ্তী দুটা দিনত গৰমৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা আছে৷ এই লৈ এতিয়া ৰাজ্যৰ জনসাধাৰণ শংকিত হৈ পৰিছে৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই অসম তথা উত্তৰ-পূবৰ ৰাজ্যকেইখনত চলিত বৰ্ষত গৰমে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ জলবায়ু পৰিৱৰ্তনৰ ফলতেই এইদৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি প্ৰকাশ কৰিছে৷ উল্লেখ্য যে দৈনিক বৃদ্ধি পোৱা গ্ৰীষ্মপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পঞ্জাব, হাৰিয়ানা, বিহাৰ, ৰাজস্থান, দিল্লী, পশ্চিম বংগ, ছিকিম, ওড়িষা আৰু উপকূলীয় ৰাজ্য অন্ধ্ৰ প্ৰদেশত সতৰ্কতা জাৰি কৰিছে৷ পশ্চিম বংগত অৰেঞ্জ এলাৰ্ট ঘোষণা কৰিছে৷ উল্লেখ্য যে মূলতঃ জলবায়ু পৰিৱৰ্তনৰ বাবেই দেশৰ বিভিন্ন ঠাইত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here