সংস্কৃত ভাষাত এষাৰ কথা আছে– ‘তুলনা নাস্তি অথৌ তুলসী’৷ অৰ্থাৎ যাৰ গুণৰ তুলনা নাই, সেয়াই হৈছে তুলসী৷ প্ৰাচীন কালৰে পৰা তুলসীক পৱিত্ৰ গছ হিচাপে গণ্য কৰা হয়৷ তুলসী গছৰ প্ৰচুৰ পৰিমাণে ঔষধি গুণ আছে৷ তুলসী গছৰ পৰা আমি অত্যধিক মাত্ৰাত অক্সিজেন আহৰণ কৰোঁ৷ এই গছে আমাৰ চাৰিওফালে এক স্বাস্থ্যসন্মত পৰিৱেশৰ সৃষ্টি কৰে৷ ইয়াৰ বৈজ্ঞানিক নাম ওচিমাম চেংটাম (Ocimum sanctum)৷ তুলসী গছত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগক প্ৰতিৰোধ কৰিব পাৰে৷ তুলসী পাত খালে তেজ পৰিষ্কাৰ হয়৷ নিয়মীয়াকৈ তুলসী পাত খালে গাৰ ছাল নিমজ আৰু দেহৰ সৌন্দৰ্য বৃদ্ধি হয়৷ মৌৰ লগত তুলসীৰ ৰস খালে কাহ, কফ, জ্বৰ কমে৷ তুলসী থকা ঠাইৰ ওচৰে-পাঁজৰে মেলেৰিয়া, প্লেগ আদি ৰোগ হ’ব নোৱাৰে৷ বন তুলসীৰ পাতৰ ৰস ৰুচিকাৰক৷ কাণৰ বিষত তুলসী পাতৰ ৰস অলপ গৰম কৰি টোপ টোপকৈ কাণত দিলে বিষ উপশম হয়৷ কোনো কোনোৰ মতে তুলসী গছ থকা ঘৰত হেনো বজ্ৰপাতো পৰিব নোৱাৰে৷ জুয়ে পোৰা ঠাইত তুলসীৰ ৰসৰ লগত নাৰিকল তেল মিহলাই লগালে ঢৌ নুঠে আৰু পোৰা অংশৰ দাগ নোহোৱা হয়৷ ই এণ্টিছেপটিকৰ দৰে কাম কৰে৷ পোক-পতংগই কামুৰিলে তুলসীৰ ৰস আক্ৰান্ত অংশত লগালে সুফল পোৱা যায়৷ ক’লা তুলসীৰ ৰস চকুত দিলে কুকুৰীকণা ৰোগ নাইকিয়া হয়৷ ছালৰ বিভিন্ন ৰোগত তুলসী উপকাৰী৷ মূত্ৰাশয়ত পাথৰ হ’লে তুলসীৰ ৰস মৌৰ লগত মিহলাই খাব লাগে৷ তেনে কৰিলে মূত্ৰাশয়ৰ পাথৰ নোহোৱা হয়৷ তুলসীৰ পাতে স্নায়ৱিক দুৰ্বলতা নাইকিয়া কৰাৰ লগতে স্মৃতিশক্তি বৃদ্ধি কৰে৷ তুলসীৰ পাতৰ ৰসেৰে চাহ খালে যকৃতৰ ৰোগ নিৰাময় হয়৷ এনে এবিধ অসাধাৰণ গুণসম্পন্ন ঔষধি গছ আমাৰ ঘৰৰ চৌহদত ৰোপণ কৰি এটা স্বাস্থ্যসন্মত পৰিৱেশ সৃষ্টিত অৰিহণা যোগাওঁ আহক৷