ভাৰতৰ ‘নেষ্ট মেন’ বুলি কোৱা হয় ৰাকেশ খত্ৰীক৷ খত্ৰীয়ে সমগ্ৰ দেশতে চৰাইৰ বাবে সাজিছে প্ৰায় আঢ়ৈ লাখ বাহ৷ খত্ৰীৰ মতে, প্ৰকৃতিক আমাৰ প্ৰয়োজন নাই, আমাকহে প্ৰকৃতিৰ প্ৰয়োজন৷ সেয়েহে প্ৰকৃতিৰ ভাৰসাম্য নষ্ট কৰিলে বিপদৰ সৃষ্টি কৰিব৷ তেওঁ এই ধাৰণাক সৰোগত কৰি চৰাইৰ বাবে বাহ সজাৰ কাম আৰম্ভ কৰিছিল৷ প্ৰথম অৱস্থাত তেওঁৰ এই প্ৰয়াসক বহুতে হাঁহিছিল, ইতিকিং কৰিছিল, খত্ৰীয়ে ইয়াক গুৰুত্ব দিয়া নাছিল৷ তেওঁ চৰাইৰ কলৰৱ শুনি ভাল পায়৷ তেওঁ কোনো চৰায়ে পোক-পতংগ আদি খোৱা দেখিলে সেই স্থানতে বাহ সাজি দিয়ে৷ ভৱিষ্যৎ প্ৰজন্মকো তেওঁ এতিয়া নিজৰ অভিযানৰ সৈতে জড়িত কৰিছে৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক তেওঁ চৰাইৰ বাহ সজাৰ প্ৰশিক্ষণো দিছে৷ খত্ৰীৰ দিল্লীৰ চান্দ চক অঞ্চলত থকা ঘৰটোৰ ছাদত সৰুতে বহুত চৰাইৰ বাহ আছিল৷ আনকি ঘৰৰ ফেনতো চৰায়ে বাহ সাজি লৈছিল৷ তেতিয়া ককাকে ফেন চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল, যাতে চৰাইৰ কোনো অনিষ্ট নহয়৷ ৮০ৰ দশকত তেওঁৰ পৰিয়াল অশোক নগৰলৈ উঠি আহে৷ সেই সময়ত নগৰীকৰণৰ প্ৰভাৱত হাবি-জংঘল কাটি পেলোৱা হৈছিল৷ চৰাইৰ বাহ দেখিবলৈ নোহোৱা হৈছিল৷ তেনে অৱস্থাত খত্ৰী উদ্বিগ্ন হৈ পৰিছিল আৰু নিজে চৰাইৰ বাহ সাজিবলৈ ধৰে৷ প্ৰথমে তেওঁ নাৰিকলৰ বাকলিৰে ৪০টা বাহ সাজিছিল, কিন্তু ইয়াত থাকিবলৈ এটাও চৰাই নাহিল৷ তেওঁক বিভিন্নজনে ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে৷ তাৰ পাছত তেওঁ এই বিষয়ে অধিক অধ্যয়ন কৰিলে আৰু বাঁহেৰে চৰাইৰ বাহ সাজিবলৈ ধৰিলে৷ এইবাৰ তেওঁ সফল হ’ল৷ ইয়াৰ পাছত আৰু তেওঁ ৰ’ব লগা হোৱা নাই৷ সমগ্ৰ দেশৰে ৩,৫০০ স্কুলত তেওঁ ছাত্ৰ-ছাত্ৰীক বাহ সজাৰ প্ৰশিক্ষণ দিছে৷