জানেনে : দিনৰ কোন সময়ত সূৰ্যৰ পৰা ভিটামিন-ডি পাব পাৰি

0
232


ভিটামিন-ডি আমাৰ শৰীৰৰ বাবে প্ৰয়োজন৷ শৰীৰত এই ভিটামিন-ডি অভাৱ হ’লে নানাবিধ সমস্যাই দেখা দিব পাৰে৷ হাড় ক্ষয় যোৱা, ইমিউনিটি শক্তি হ্ৰাস পোৱা আদি বিভিন্ন শাৰীৰিক অসুবিধাই দেখা দিব পাৰে৷ এক সমীক্ষাত কোৱা মতে ভাৰতবৰ্ষৰ অধিকাংশ লোক দেহত ভিটামিন-ডিৰ অভাৱ হোৱা পৰিলক্ষিত হয়৷ এই ভিটামিন-ডিৰ অভাৱ পূৰণৰ বাবে ভিটামিন-ডি সমৃদ্ধ খাদ্য খোৱাটো আৱশ্যক৷ আনহাতে সূৰ্য হ’ল ভিটামিন-ডিৰ মুখ্য উৎস৷ কোটি কোটি আলোকবৰ্ষ দূৰত থকা সূৰ্যৰ ৰশ্মিত আমাৰ বাবে প্ৰয়োজনীয় ভিটামিন-ডি প্ৰস্তুত হয় আৰু ছালৰ সহায়ত আমাৰ শৰীৰে সূৰ্যৰ পোহৰৰ পৰা ভিটামিন-ডি আহৰণ কৰে৷ শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷ সেয়ে এই বিষয়ে সচেতন থকা ভাল৷ আমাৰ শৰীৰত ভিটামিন-ডি কেনেকৈ প্ৰস্তুত হয়, সেই বিষয়ে কিদৰে জানিব৷ আচলতে আমাৰ ছালৰ ভিতৰত কলেষ্টৰেল পোৱা যায়৷ এই কলেষ্টৰেলৰ ওপৰত যেতিয়া সূৰ্যৰ তাপ বা পোহৰ পৰে, তাৰ পৰা ভিটামিন-ডি পোৱা যায়৷ এয়ে হাড়ৰ স্বাস্থ্য উন্নত কৰে৷ শৰীৰত ভিটামিন-ডি অভাৱ হ’লে কেলচিয়াম হাড়ৰ ভিতৰত প্ৰৱেশ নকৰে৷ দিনৰ কোন সময়ত সূৰ্যৰ পোহৰ শৰীৰত ল’ব, য’ত নেকি ভিটামিন-ডি শৰীৰে আহৰণ কৰিব৷ টাইমছ অব ইণ্ডিয়াৰ এক প্ৰতিবেদন মতে ভিটামিন-ডি দুপৰীয়াৰ সময়ত সূৰ্যৰ পোহৰ লোৱা ভাল৷ শৰীৰে সেই সময়ত অতি কম সময়তে ভিটামিন-ডিৰ ভাণ্ডাৰ লাভ কৰিব পাৰে৷ কিয়নো ভিটামিন-ডি আহৰণৰ বাবে ঘণ্টা ঘণ্টা ধৰি ৰ’দত থিয় হৈ থকাৰ কোনো প্ৰয়োজন নাই৷ ইয়াৰ ফলত আপোনাৰ ছালৰ আন ক্ষতি হোৱাৰহে সম্ভাৱনা বেছি থাকে৷ সেয়ে অলপ সময়ৰ বাবে সূৰ্যৰ আলোকৰ থাকিলে শৰীৰে প্ৰয়োজনীয় ভিটামিন ল’ব পাৰিব৷ দেহত দুপৰত মাত্ৰ ১০ মিনিট সময় সূৰ্যৰ ৰশ্মি লগালেই উপকাৰ পাব পাৰি৷ কিয়নো দুপৰীয়া অত্যন্ত ৰ’দত থাকিলে ছালখনৰ অনিষ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে৷ আনহাতে গ্ৰীষ্মকালি দুপৰীয়াৰ উত্তপ্ত ৰ’দতকৈ পুৱাৰ ভাদত বা আবেলিৰ সময়ত শৰীৰটোত ৰ’দ লগাব পাৰে৷ প্ৰখৰ ৰ’দত এনে কৰিলে ছানষ্ট্ৰক হোৱাৰ আশংকা থাকে৷ সূৰ্যৰ পোহৰত ভিটামিন-ডি পাবলৈ শৰীৰৰ সকলো অংগই খোলা ৰাখিব লাগে৷ এই ক্ষেত্ৰত হাত, ভৰি ঢাকি নাৰাখি মুক্ত কৰি ৰাখিব লাগে৷ যাৰ জৰিয়তে পৰ্যাপ্ত ভিটামিন-ডি প্ৰস্তুত হয়৷ আনহাতে মুখ বা শৰীৰৰ সংবেদনশীল অংগবোৰ ৰ’দৰ পৰা বচাই ৰাখিবলৈ ঢাকি ৰখা লাভজনক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here