সমুদ্ৰৰ তলৰ উদ্ভিদবোৰক ‘বিশ্বৰ হাঁওফাঁও’ বুলি কিয় কোৱা হয় ?

0
431

বহুতৰে ধাৰণা আছে যে পৃথিৱীৰ হাঁওফাঁও হিচাপে আমাজনৰ ঘন জংঘলক বুলি কোৱা হয়৷ কাৰণ এই অঞ্চলে বিশ্বৰ ২০ শতাংশ অক্সিজেনৰ যোগান ধৰে৷ আমাজনৰ ৰেইন ফৰেষ্ট৷ যাৰ সেউজীয়া বনানীত থকা গছ-গছনিৰ সীমা সংখ্যা নাই৷ ইয়াৰ থকা গছৰ সংখ্যা অনুমান কৰাটো একেবাৰে দুঃসাধ্য৷ ইয়াৰ ঘন বনাঞ্চলেৰে ভৰা অৰণ্যৰ পৰা সৰহ পৰিমাণৰ অক্সিজেন বিশ্ববাসীয়ে লাভ কৰে৷ সেয়ে বহুতেই আমাজনক বিশ্বৰ হাঁওফাঁও বুুলি ক’ব খোজে৷ কাৰণ বিশ্বক এই অৰণ্যই ২০ শতাংশ অক্সিজেনৰ যোগান ধৰে৷ কিন্তু এই অৰণ্যৰ আৰু এটা দিশ আছে৷ ইয়াৰ পৰা বিপুল পৰিমাণৰ কাৰ্বন ডাই অক্সাইডো পোৱা যায়৷ যাৰ ফলত এই অৰণ্যই যিমান পৰিমাণৰ অক্সিজেন যোগান ধৰে সম পৰিমাণৰ কাৰ্বন ডাই অক্সাইডো যোগান ধৰে৷ অৰ্থাৎ সমপৰিমাণৰ দুয়োবিধ গেছ আহৰণ কৰে বিশ্বই৷ অক্সিজেন যোগান ক্ষেত্ৰত আমাজনৰ যদি বিশ্বৰ হাঁওফাঁও নোবোলে তেন্তে বিশ্বৰ হাওফাঁও বুলি কাক ক’ব, কোন উৎসৰ পৰা অক্সিজেন আহৰণ কৰিব৷ ইয়াৰ উত্তৰত ক’ব পাৰি যে বিশ্বৰ হাঁওফাঁও লুকাই আছে সমুদ্ৰৰ তলিত৷ বিশ্বজুৰি প্ৰাণীজগতে যি অক্সিজেন পাই আছে৷ সেই অক্সিজেনৰ নিৰলস যোগান ধৰি আছে গভীৰ সমুদ্ৰৰ তলিত থকা উদ্ভিদবোৰে৷ সাগৰ, মহাসাগৰ মিলি যি প্ৰচুৰ জলৰাশিৰ সৃষ্টি হৈছে ইয়াৰ তলত যি বিপুল পৰিমাণৰ গছ-গছনি আছে, তাৰ পৰাই সমগ্ৰ বিশ্বই অক্সিজেনৰ যোগান পাই আছে৷ এই উদ্ভিদবোৰে বিশ্বক অক্সিজেনৰ যোগান ধৰি বিশ্বসক ৰক্ষা কৰি আছে৷ সেয়েহে সমুদ্ৰৰ তলৰ গছ-গছনি, উদ্ভিদবোৰক বিশ্বৰ হাঁওফাঁও বুলি কোৱা হয়৷ সমুদ্ৰৰ এই প্ৰাণীজগতৰ বাবে অতিকে আৱশ্যকীয় সমুদ্ৰৰ তলিৰ উদ্ভিদবোৰক দেখা পোৱা নাযায় যদিও বিশ্বৰ প্ৰাণীজগতৰ তলৰ এই গছবোৰৰ ওচৰত বিশ্ববাসী সদায়ে ঋণী হৈ থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here