ৰাজ্যত ক’ত এন্‌থ্ৰাক্সৰ আতংক?

0
1635

যোৱা তিনি ডিচেম্বৰত নাহৰকটীয়াৰ জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰত এটা বনৰীয়া হাতীৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল৷ ইয়াৰ পাছতে জয়পুৰ বনাঞ্চলত পুনৰ উদ্ধাৰ হৈছিল আন এটা হাতীৰ মৃতদেহ৷ উদ্ধাৰ হোৱা হাতীটোৰ মৃতদেহ পৰীক্ষা কৰি ভয়ংকৰ এন্‌থ্ৰাক্স নামৰ এক সোঁচৰা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাত স্বাভাৱিকতে আতংকৰ সৃষ্টি হয়৷ এনেদৰে বৰ্ষাৰণ্যখনত ভয়াৱহ এন্‌থ্ৰাক্স ৰোগত আক্ৰান্ত হৈ দুটাকৈ হাতীৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এন্‌থ্ৰ্ৰাক্সত আক্ৰান্ত হোৱা ঘটনা পোহৰলৈ অহাৰ লগে লগে ডিব্ৰুগড় বনাঞ্চলিক বিষয়াই ইতিমধ্যে জয়পুৰ বনাঞ্চলৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধপৰ্যন্ত পোহনীয়া জীৱ-জন্তুৰ প্ৰতিষেধক ভেক্‌চিন দিবলৈ চৰকাৰৰ বিভাগীয় কতৃৰ্পক্ষলৈ আহ্বান জনাইছে৷ বন বিভাগৰ ফালৰ পৰা হাতী দুটাৰ মৃত্যু হোৱা স্থানত আন জীৱ-জন্তু প্ৰৱেশ কৰিব নোৱৰাকৈ ফেন্সিঙৰ ব্যৱস্থা কৰিছে৷ এই ৰোগবিধৰ ভয়াৱহতাৰ বিষয়ে প্ৰকাশ কৰি বন বিভাগে জনোৱা মতে, পূৰ্বতে এই ৰোগত আক্ৰান্ত আন জীৱ-জন্তু অথবা আক্ৰান্ত হৈ মৃত্যু হোৱা কোনো জন্তুৰ মৃতদেহৰ সংস্পৰ্শলৈ অহা পানী বা ধূলিৰ পৰাও এই ৰোগ বিয়পাৰ যথেষ্ট আশংকা থাকে৷ উল্লেখ্য যে এই ৰোগত আক্ৰান্ত হৈ বিশ্বৰ বিভিন্ন প্ৰান্তত হাতীকে ধৰি অন্য জীৱ-জন্তুৰ মৃত্যু হৈ আহিছে৷ চিকিৎসকৰ মতে এই ৰোগত আক্ৰান্ত জীৱ-জন্তুৰ মৃতদেহ পুতি ৰখাৰ দহ বছৰ পাছতো ইয়াৰ অৱশিষ্ট পানী অথবা মাটিৰ সংস্পৰ্শলৈ আহি অন্য জীৱ-জন্তুৰ লগতে মানুহৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে৷ কেনেবাকৈ যদি এন্‌থ্ৰাক্স বীজাণু মানুহৰ দেহলৈ বিয়পে, তেন্তে ই মহামাৰী কৰ’নাতকৈও অধিক ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here