ভাৰতীয় ৰে’ল বিভাগ বিশ্বৰ চতুৰ্থ বৃহত্তম তথা এছিয়াৰ দ্বিতীয় প্ৰতিষ্ঠান৷ প্ৰত্যন্ত গ্ৰাম্য অঞ্চলতে ধৰি চহৰৰ প্ৰতিজন মানুহৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ৰে’লে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ ৰে’লত ভ্ৰমণ কৰা যিমান আৰামদায়ক, সিমানেই ইয়াৰ যাতায়াতৰ খৰচো অতি কম৷ এই ৰে’ল সম্পৰ্কে কিছু এনে কথা আছে, আমি হয়তো সেইবোৰ নাজানো৷ ইয়াৰ ভিতৰত এটা অন্যতম কথা হ’ল প্ৰত্যেকটো ৰে’ল ষ্টেচনৰ ব’ৰ্ডত সমুদ্ৰপৃষ্ঠৰ উচ্চতা লিখা থাকে৷ ইয়াৰ কাৰণ কি জানেনে আপুনি? ৰে’লত ভ্ৰমণ কৰিলেই ষ্টেচনবোৰত ইংৰাজী, হিন্দী লগতে স্থানীয় ভাষাত লিখা বিভিন্ন ব’ৰ্ড দেখিবলৈ পোৱা যায়৷ তাৰ ভিতৰতে ৰে’ল ষ্টেচনবোৰত ৰঙা ব’ৰ্ডত এইদৰে সমুদ্ৰপৃষ্ঠৰ উচ্ছতা লিখা থাকে৷ ৰে’লৰ সৈতে ইয়াৰ সম্পৰ্ক কি? আচলতে এইদৰে লিখাটো ৰে’লযাত্ৰীৰ সৈতে সম্পৰ্কীয় এটা কথা৷ আপুনি হয়তো ভাবিছে যে আপুনি সমতল বা পাহাৰীয়া অঞ্চলতে ৰে’লত ভ্ৰমণ কৰে, তেতিয়াহ’লে সমুদ্ৰপৃষ্ঠৰ উচ্চতাৰ সৈতে ইয়াৰ কিনো সম্পৰ্ক আছে৷ আমাৰ দেশৰ প্ৰতিখন ৰাজ্য বা অঞ্চল ক’ৰবাত উচ্চতা বেছি আৰু ক’ৰবাত কম৷ অৰ্থাৎ সমতলৰো তলত৷ সেয়ে ভাৰতীয় ৰে’ল বিভাগে ইয়াৰ পৰিমাপৰ বাবে সমদ্ৰিস্তৰ ব্যৱহাৰ কৰে৷ আচলতে ৰে’লযাত্ৰীৰ বাবে এই মাপ জনাটো কোনো দৰকাৰ নাই যদিও চালকৰ কাৰণে ইয়াৰ হিচাপ জনাটো খুবেই প্ৰয়োজন৷ কিয়নো ৰে’লপথ সকলো ঠাইতে সমতল নোহোৱা বাবে চালকসকলে কিমান উচ্ছতাৰ বা নিম্মতাত ৰে’ল চলাই আছে, সেই কথাটো এই ফলককেইখনে সোঁৱৰাই দিয়ে৷ ৰে’ল চালকে ব’ৰ্ডত সমুদ্ৰপৃষ্ঠৰ উচ্ছতা দেখি বুুজিব যে ৰে’লখনৰ ইঞ্জিনৰ শক্তি অৰ্থাৎ টৰ্ক কিমান বঢ়াব লাগিব৷ যদি ইয়াৰ মাপ চালকে নাজানে তেতিয়া ৰে’লৰ গতিৰ কমি গৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত লক্ষ্যস্থান নাপাবগৈ৷ আনহাতে উচ্চতাৰ হিচাপ নাজানিলে ৰে’লৰ গতি কম-বেছি হৈ হয়তো দুৰ্ঘটনাজনিত ঘটনাও সংঘটিত হ’ব পাৰে৷