সমুদ্ৰত বিশাল আকৃতিৰ মাছ থকাটো আমি শুনিছোঁ, যি মাছে অনায়াসে এখন জাহাজকো গিলি পেলাব পাৰে৷ আনহাতে এইধৰণৰ মাছ অধিক হিংস্ৰ স্বভাৱৰ হয় বুলি বিভিন্ন তথ্যৰ পৰা জানিব পৰা যায়৷ এইবাৰ তেনে এটাই ঘটনা ঘটিছে৷ এইবাৰ সমুদ্ৰত সন্ধান পোৱা গৈছে ভয়ংকৰ ৰক্তপিপাসু প্ৰজাতিৰ মাছত৷ নেদাৰলেণ্ডৰ সমুদ্ৰ তীৰত এইবিধ বিৰল প্ৰজাতিৰ অতিকে হিংস্ৰু প্ৰকৃতিৰ মাছ পোৱা গৈছে৷ ফক্স ৱেডাৰৰ প্ৰতিবেদন অনুসৰি সমুদ্ৰ বিশেষজ্ঞ জেকো হেভাৰমাঞ্চে অলপতে সমুদ্ৰ তীৰত খোজ কাঢ়ি থকাৰ সময়তে এই আজব ধৰণৰ মাছটো দেখিবলৈ পায়৷ ছী লেমপ্ৰে’ নামৰ প্ৰজাতিৰ এই মাছটোৰ দৈৰ্ঘ্য প্ৰায় তিনি ফুট, হাঙৰৰ দৰে ইয়াৰো ধাৰাল দাঁত আছে৷ তেওঁ জনোৱা মতে এই বিৰল প্ৰজাতিৰ মাছবিধ মাংসহাৰী৷ উল্লেখ্য যে ৬ বছৰ পূৰ্বে আমষ্টৰডামৰ পৰা ১০৪ কিলোমিটাৰ উত্তৰে সমুদ্ৰ তীৰত এই মাছবিধ দেখিবলৈ পোৱা গৈছিল৷ মন কৰিবলগীয়া যে ছী লেমপ্ৰে’ নামৰ এই প্ৰজাতিবিধ বহু বছৰ পূৰ্বে সমুদ্ৰত যথেষ্ট পৰিমাণে আছিল৷ কিন্তু বিভিন্ন প্ৰাকৃতিক ঘটনা তথা পৰিৱৰ্তনৰ লগে লগে এই মাছবিধৰ অস্তিত্ব নাইকিয়া হৈ গৈছিল৷ শেহতীয়াভাৱে এই প্ৰজাতিৰ মাছবিধ প্ৰত্যক্ষ কৰাৰ লগে লগে সকলোৰে মাজত উৎকণ্ঠা বাঢ়ি যোৱা পৰিলক্ষিত হৈছে৷