বিশ্বত প্ৰথম ঘটনা : গছৰ দ্বাৰা সংক্ৰমণ ভেঁকুৰজনিত ৰোগ

0
631


উদ্ভিদক আক্ৰমণ কৰা ভেঁকুৰৰ পৰা হোৱা এটা ৰোগত আক্ৰান্ত হৈছে এজন মানুহ৷ বিশ্বৰ ভিতৰতে এনে ৰোগত আক্ৰান্ত হোৱাৰ খবৰ এয়াই প্ৰথম৷ এই ৰোগত আক্ৰান্ত হৈছে কলকাতাৰ এজন বৃক্ষ ভেঁকুৰবিধ তথা মাইকলজিষ্ট৷ গৱেষকসকলৰ মতে এই ঘটনাই দেখুৱাইছে যে ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত গছৰ সংস্পৰ্শত থাকিলে সংক্ৰমণ হ’ব পাৰে৷ এই ৰোগত চিকিৎসা কৰি থকা চিকিৎসকসকলে দ্য জাৰ্নাল মেডিকেল মাইকলজি কেছ ৰিপৰ্টছত প্ৰকাশ পোৱা প্ৰতিবেদনত উল্লেখ কৰিছে যে উক্ত ৬১ বছৰ বয়সীয়া লোকজনে তিনি মাহ ধৰি কাহ, মাত ভঙা, ক্লান্তি, খাদ্য গিলোতে অসুবিধা পোৱা আদি সমস্যাত ভুগি চিকিৎসালয়লৈ গৈছিল৷ চিকিৎসকসকলে জনায় যে মাইকলজিষ্টজনে খাদ্য খাওঁতে অসুবিধা পোৱাৰ উপৰি অৰুচিত ভুগি আছিল৷ জানিব পৰা মতে তেওঁ দীৰ্ঘদিন ধৰি নিজৰ গৱেষণাৰ কামত কাঠফুলা আৰু বিভিন্ন উদ্ভিদৰ ভেঁকুৰজনিত ৰোগৰ বিষয়ত কাম কৰি আছিল৷ তেওঁৰ হোৱা ৰোগবিধ সংক্ৰমণ হৈছে এক উদ্ভিদ ভেঁকুৰৰ পৰা, যি উদ্ভিদৰ ছিলভাৰ লিফ ৰোগৰ সৃষ্টি কৰে৷ উদ্ভিদৰ ভেঁকুৰে মানুহৰ দেহত ৰোগ সৃষ্টি কৰা এয়াই প্ৰথম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here