নতুন এপ : বজ্ৰপাতৰ আগেয়ে মোবাইললৈ আহিব এলাৰ্ট

0
1216

সাধাৰণতে বাৰিষা কালত বৃষ্টিপাতৰ লগতে ধুমুহা, গাজনি, শিলাবৃষ্টি আদিয়ে মানুহক আতংকিত কৰি তোলে৷ অকল যে ভয় বা আতংকই কৰা হয় তেনে নহয় বজ্ৰপাত পৰাৰ ফলত বছৰি বহু লোকক আমি হেৰুৱাবলগীয়া হয়৷ এনে ঘটনা ৰোধৰ বাবে বিহাৰ চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ইন্দ্ৰবজ্ৰ নামৰ এটা মোবাইল এপ প্ৰস্তুত কৰিছে৷ এই এপটোৱে এটা এলাৰ্মৰ দৰে কাম কৰিব৷ বজ্ৰপাত হোৱাৰ ৪০-৪৫ মিনিটৰ আগতে মোবাইলৰ এই এপটোৱে সকলোকে সতৰ্ক কৰি দিব৷ এই এপটো গুগ্‌ল প্লে ষ্টৰৰ জৰিয়তে এই এপটো ডাউনলোড কৰি ল’ব পাৰিব৷ মোবাইলত এই এপটো ডাউনলোড কৰাৰ পাছত ব্যৱহাৰকাৰীয়ে ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ মাজত বজ্ৰপাতৰ আশংকা থাকিলে এলাৰ্ট কৰি দিব৷ গুগ্‌ল প্লে ষ্টৰত গৈ  ইন্দ্ৰবজ্ৰ চাৰ্চ কৰিলেই এই এপটো ডাউনলোড কৰিব পাৰিব৷ ডাউনলোড কৰাৰ সময়ত মোবাইল নম্বৰৰ মাধ্যমেৰে ৰেজিষ্টে˜ছন কৰিব পাৰিব৷ প্ৰতিবছৰে বজ্ৰপাত পৰি মৃত্যু হোৱাৰ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বিহাৰ চৰকাৰে এই পদক্ষেপ হাতত লৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here