বিশ্বত শিশু নিৰ্যাতন এক ব্যাধিলৈ পৰিৱৰ্তন হৈছে৷ বিভিন্ন কঠোৰ আইন, ধাৰা বলৱৎ কৰা সত্ত্বেও শিশুসকলৰ ওপৰত উৎপীড়ন, নিৰ্যাতন ক্ৰমান্বয়ে বাঢ়িহে আছে৷ চৰকাৰ, প্ৰশাসনে শিশু নিৰ্যাতন ৰোধৰ বাবে সজাগতা সভা, নীতি প্ৰচলন কৰিও কোনো সুফল পোৱা নাই৷ অজ্ঞাতে আজিও বিভিন্ন ক্ষেত্ৰত শিশু নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে৷ এইবাৰ শিশু নিৰ্যাতনৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সামাজিক মাধ্যমত বহুল জনপ্ৰিয় টুইটাৰে৷ জানিব পৰা গৈছে যে শিশুসকলৰ ওপৰত যৌন অত্যাচাৰত উৎসাহ যোগোৱা ভাৰতৰ প্ৰায় সাত লাখ একাউণ্ট টুইটাৰে বন্ধ কৰি দিছে৷ উল্লেখ্য যে টুইটাৰ ক্ৰয় কৰাৰ পাছতে স্বত্বাধিকাৰ এলন মাস্কে টুইটাৰক আকৰ্ষণীয় কৰাৰ চেষ্টা চলাইছে আৰু ইয়াৰ অংশ হিচাপে এনেবোৰ সামাজিকভাৱে বিতৰ্কিত একাউণ্ট বন্ধ কৰিবলৈ তেওঁ নিৰ্দেশ দিছে৷ টুইটাৰৰৰ মাহেকীয়া প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে ৪ জানুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত ভাৰতৰ ৬৮২৪২০ টা একাউণ্টত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ এই নিষেধাজ্ঞা জাৰি কৰা একাউণ্টবোৰত শিশুৰ ওপৰত যেংন নিৰ্যাতনত উৎসাহ যোগোৱাৰ কণ্ট্ৰেণ্ট পোৱা গৈছে বুলি টুইটাৰ কতৃৰ্পক্ষই সদৰী কৰে৷ আনহাতে টুইটাৰে হিংসাত্মক কাৰ্যকলাপত উৎসাহ যোগোৱা ডেৰ লাখ একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷