শেহতীয়াভাৱে আফগানিস্তানত ৬.৫ প্ৰাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়৷ এই ভূমিকম্পটোৰ জোকাৰণি পাকিস্তান, ভাৰত, চীন, তাজিকিস্তানতো অনুভূত হয়৷ মন কৰিবলগীয়া কথাটো হ’ল নেদাৰলেণ্ডৰ এজন গৱেষক ফেংক হুগাৰবিটছে আফগানিস্তান হিন্দুকুশ পৰ্বতত প্ৰবল ভূমিকম্প হ’ব বুলি মাত্ৰ কেইদিনমান আগতে আশংকা ব্যক্ত কৰিছিল৷ তেওঁ নিজৰ ইউটিউবৰ পেজত এই আশংকা প্ৰকাশ কৰিছিল৷ উল্লেখ্য যে হুগাৰবিটছে তুৰস্কত হোৱা বিধবংসী ভূমিকম্পৰ বিষয়েও ভৱিষ্যদ্বাণী কৰিছিল৷ জানিব পৰা মতে তেওঁ চন্দ্ৰৰ স্থিতি আৰু আন গ্ৰহৰ অৱস্থিতি অধ্যয়ন কৰে৷ ইয়াৰ লগতে তেওঁ গ্ৰহবোৰৰ অৱস্থান সলনি হ’লে পৃথিৱীৰ বায়ুমণ্ডল আৰু চৌম্বকীয় ক্ষেত্ৰখনত পৰা প্ৰভাৱ আদি অধ্যয়ন কৰি ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰে৷ হুগাৰবিটছ নেদাৰলেণ্ডৰ গৱেষণা প্ৰতিষ্ঠান এছ এছ জি ই এছ অ’ এছৰ এজন গৱেষক৷ তেওঁ ভূমিকম্পৰ আগজাননীৰ বাবে বহুতো গৱেষণা আৰু অধ্যয়ন কৰিছিল৷ উল্লেখ্য যে ভূমিকম্পৰ বিষয়ে আগতীয়াকৈ জনাব পৰা কোনো বৈজ্ঞানিক উপায় নাই৷ কিন্তু হুগাৰবিটছৰ মতে গ্ৰহৰ অৱস্থান দেখি সেই বিষয়ে অধ্যয়ন কৰিব পৰা যায়৷