বৰ্তমান সমাজত পুৰুষৰ সমানে মহিলাৰ সমান অধিকাৰ দিয়া হৈছে যদিও ক’ৰবাত যেন মহিলাক সমান চকুৰে চোৱা নহয়৷ কিয়নো বহু মহিলাই নিজৰ অধিকাৰ সাব্যস্ত কৰাত যেন ত্ৰুটী থাকে৷ এইক্ষেত্ৰত মহিলাসকলে বাল্য বিবাহ, নিৰ্যাচন আদিৰ বলি হ’বলগীয়া হয়৷ অতি কম বয়সতে মহিলাসকলে সংসাৰত দায়িত্ব চম্ভালাতে ব্যস্ত হৈ পৰাৰ ফলত তেওঁলোকৰ সপোনবোৰ যেন ক’ৰবাত হেৰাই যায়৷ বৰ্তমান সমাজত বাল্য বিবাহে দেশৰ আন আন অঞ্চলৰ লগতে অসমতো শিপাইছে৷ ইয়াৰ ফলত বহু ফুলকুমলীয়া কিশোৰীৰ জীৱনত অন্ধকাৰ নামি আহিছে৷ নিষিদ্ধ সত্ত্বেও দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজিও বাল্য বিবাহৰ দৰে ঘটনা ঘটি আছে৷ সম্প্ৰতি এক সমীক্ষাত দেখা গৈছে যে অসমত বাল্য বিবাহৰ সংখ্যা বেছি বৃদ্ধি পাইছে৷ ৰাজ্যত প্ৰায় ৩১ শতাংশ কিশোৰী বাল্য বিবাহৰ চিকাৰ হৈছে৷ মূলতঃ ১৪ বছৰ বয়সৰ যুৱতীক বিয়া দিয়া হয় আৰু ১৮ বছৰ আগতেই সন্তান জন্ম দিয়ে৷ ইয়াৰ ফলত অসমত নৱজাতকৰ মৃত্যুৰ হাৰ দেশৰ আন প্ৰান্ততকৈ বেছি৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত কঠোৰতকৈও কঠোৰ ব্যৱস্থা লৈছে যদিও সংগোপনে এই দুষ্কাৰ্য আজিও চলিয়েই আছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ সৈতে জড়িতসকলৰ আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈও প্ৰেৰণ কৰিছে৷ বহু যুৱক ইতিমধ্যে জে’লত সোমাইছে আৰু অসম আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ তৎসত্ত্বেও সুৰুঙা বুজি একাংশ অৰ্থলোভী লোকে এই কাৰ্যই লিপ্ত হৈয়ে আছে৷ যাৰ ফলত অভিযানত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে৷ ৰাইজ নিজে এই ব্যাধিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ জৰিয়তে সজাগ, সচেতন নহ’লে এই দুষ্কাৰ্য ৰোধ কৰাটো অসম্ভৱ বুলি এতিয়া বহুতেই ক’ব খোজে৷