আজিকালি ডিজিটেল যুগত মনোৰঞ্জনৰ সমাগ্ৰী হিচাপে, খোৱা-লোৱা, ভ্ৰমণ বিলাস, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যোগান ধৰাৰ পৰা আৰম্ভ কৰি বিত্তীয় লেনদেন সকলো কামেই মোবাইল জৰিয়তে কৰা হয়৷ মাত্ৰ আপোনাৰ মোবাইলটো হাতত থাকিলেই হয়, বহি থাকিয়েই আপুনি আপোনাৰ সকলো কাম সমাধান কৰিব পাৰে৷ ইমানখিনি সুবিধা হোৱা অৱস্থাত অনালাইন বেকিং আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত আপোনাৰ স্মাৰ্টফোনটো হেক নাইবা আপোনাৰ গোপন সকলো তথ্য ফাদিল হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ আপুনি ব্যৱহাৰ কৰা ফোনটো বা কম্পিউটাৰটো সহজে হেক কৰিবলৈ যথেষ্ট সুবিধা আছে৷ সাধাৰণতে এণ্ড্ৰয়ড মোবাইলৰ তুলনাত আইঅ’এছ বেছি নিৰাপদ বুলি ভবা হয় যদিও এইটো নহয় যে আইফোন বেক কৰিব পৰা নাযায়৷ কিন্তু এটা কথা সঁচা যে এণ্ড্ৰয়ড মোবাইল হেক কৰিবলৈ তুলনামূলকভাৱে সহজ৷ সেয়েহে জানো আহক আপোনাৰ মোবাইলটো হেক হোৱাৰ সংকেত কিদৰে দিব৷ আপুনি ব্যৱহাৰ কৰা মোবাইলটোত যদি এইকেইটা লক্ষণ দেখা পায়, তেন্তে জানিব যে আপোনাৰ মোবাইলটো হেক হৈছে৷ আপোনাক এনে কিছু লক্ষণ জনাব বিচাৰিছোঁ যে যাৰ সহায়ত আপুনি সহজেই বুলিব পাৰিব আপোনাৰ ফোনটো হেক হৈছে নে নাই৷
ফোন হেক হোৱাৰ এটা প্ৰধান লক্ষণ হ’ল অটোমেটিক ছিষ্টেম ছাটডাউন তথা ৰিষ্টাৰ্ট হোৱা৷ অৰ্থাৎ আপোনাৰ ফোনটো বাৰে বাৰে যদি নিজে নিজেই বন্ধ বা খোল খায়, তেতিয়া হ’লে বুজিব আপোনাৰ ফোনৰ ছিষ্টেম হেকাৰৰ হাতত পাৰিছে৷ লগে লগে আপুনি সাৱধান হওক৷ ডাউনলোড কৰা ফাইলবোৰ চেক কৰক আৰু ফোনটো ফৰ্মেট কৰি দিয়ক৷