সমুদ্ৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে সকলোতে চিন্তিত কৰি তুলিছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই অলপতে এখন প্ৰতিবেদনত উল্লেখ কৰিছে যে দেশখনৰ সীমাত থকা সাগৰৰ জলপৃষ্ঠৰ উচ্চতা যোৱা এশ বছৰত যিমানখিনি বৃদ্ধি পাইছিল, ৩০ বছৰত তাতকৈ অধিক হাৰত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাব৷ আনহাতে পৃথিৱীৰ আন এক অংশত সমুদ্ৰপৃষ্ঠৰ উচ্চতা দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে৷ এই ঘটনাটোক লৈ বিজ্ঞানীসকল আচৰিত হৈ পৰিছে৷ জাৰ্মনিৰ এখন সংবাদ পত্ৰত এই কথা প্ৰকাশ পাইছে৷ সংবাদপত্ৰখনত প্ৰকাশ পোৱা মতে গজ’ৰ উপকূলত সাগৰৰ পানী আচৰিত ধৰণে শুকাবলৈ লৈছে৷ ফলত উপকূলীয় ৰেখাৰ দৈৰ্ঘ্য অধিক বৃদ্ধি পাইছে৷ ইয়াৰ লগতে পূৰ্বতে সাগৰৰ তলিত থকা শিল আৰু প্ৰবাল এতিয়া ওলাই পৰিছে৷ বিশেষজ্ঞৰ মতে সাধাৰণতে এই অঞ্চলটোত প্ৰতিবছৰে গড় হিচাপত ১৫ ছেণ্টিমিটাৰ পানী শুকায় যদিও এইবাৰ জানুৱাৰী-ফেব্ৰুৱাৰীতেই ৫০ ছেণ্টিমিটাৰ পৰ্যন্ত পানী শুকাই যায়৷ বিশেষজ্ঞৰ মতে পৃথিৱীত পৰিৱৰ্তন হ’বলৈ ধৰিছে৷ যাৰ বাবে এনে অসাধাৰণ ঘটনাসমূহ ঘটিবলৈ আৰম্ভ কৰিছে৷